Breaking

ধেমাজিৰ বিশিষ্ট সাহিত্যিক-সমাজকৰ্মী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ পৰলোকঃ ধেমাজিত শোকৰ ছাঁ

0 185

ধেমাজি সমাজ জীৱনৰ পুৰোধা ব্যক্তি, বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই(৮৫) আৰু নাই ৷ আজি দিনৰ প্ৰায় ২.৩০ বজাত ধেমাজি মিলন নগৰস্হিত নিজা বাসগৃহত বাৰ্ধক্যজনীত কাৰণত তেওঁৰ মৃত্যু হয় ৷
ধেমাজি জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই একেধাৰে এগৰাকী কবি, গল্পকাৰ, ব্যংগ লেখক তথা সাহিত্যিক, সমালোচক হিচাপে পৰিচিত আছিল ৷


ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হিচাপে এসময়ত দক্ষতাৰে সেৱা আগবঢ়োৱা বুঢ়াগোহাঁইয়ে ধেমাজিৰ সাহিত্য সংস্কৃতি ক্ষেত্ৰখনৰ সৈত্যে ওতঃপ্ৰোতভাৱে জড়িত আছিল ৷সাহিত্য ক্ষেত্ৰখনৰ লগতে ধেমাজিৰ সমাজ জীৱনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সতেও আজীৱন জড়িত হৈ সেৱা আগবঢ়াইছিল ৷ ‘অসমীয়া জনজীৱনত প্ৰচলিত ফকৰা যোজনা সমগ্ৰ’শীৰ্ষক এখন বৃহৎ কলেৱৰৰ গ্ৰন্হ ৰচনা কৰা বুঢ়াগোহাঁইয়ে আন কেইবাখনো মূল্যবান গ্ৰন্হ লিখি প্ৰকাশ কৰি থৈ গৈছে ৷

তদুপৰি বিভিন্ন কাকত আলোচনীত তেখেতে সমসাময়িক প্ৰৱন্ধ পাতি লিখি পৰিচিত হৈছিল ৷
এগৰাকী নিৰৱ আৰু প্ৰচাৰ বিমুখ সাহিত্যিক হিচাপে পৰিচিত সৰৱৰহী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ মৃত্যুত আজি স্বাভাৱিকতে ধেমাজিত শোকৰ ছাঁ পৰে ৷মৃত্যুৰ সময়ত বুঢ়াগোহাঁইয়ে দুগৰাকী পুত্ৰ, বোৱাৰী, জী-জোঁৱাই, আৰু নাতি-নাতিনীকে ধৰি পৰিয়াল পৰিজনক এৰি থৈ গৈছে ৷

Leave A Reply