Breaking

পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি সাকাৰ হ’ল : বিজেপিৰ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা

0 42

নাজিৰা

নাজিৰাৰ বাট-পথৰ দুৰাৱস্থাৰ বতৰা নাজিৰাবাসী ৰাইজৰ বাবে নতুন নহয়। ক’ৰোনাৰ আতংকত লকডাউনত বন্দী হৈ ৰোৱা ৰাইজৰ সমুখতো ৰোগীৰ সংস্পৰ্শত ক’ৰোনাত আক্ৰান্ত হোৱাৰ ভয়তকৈ পথৰ ধূলি-বালিৰ সংস্পৰ্শত বুৰ যোৱা আৰু সদায়ে বিৰাজ কৰি থকা পৰিস্থিতিয়ে অধিক আতংকিত কৰিছে। সেয়ে ক’ৰোনাৰ সময়ত সামান্য লকডাউন শিথিল হোৱাৰ মাজত নাজিৰাবাসীৰ আশংকা দুগুণে ঘনীভূত হৈ ৰৈছে। এই পৰিস্থিতিত শাৰীৰিক দূৰত্ব, হাত ধোৱা, ছেনিটাইজ কৰাৰ নিয়মৰ মাজত থাকোঁতেই নাজিৰাৰপৰা বিজেপি দলৰ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাই নাজিৰা প্ৰেছ ক্লাবত ২৫ মেত এক সংবাদ মেল আহ্বান কৰে। সংবাদ মেলত বিজেপিৰ চাহ মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে ৰাজ্যৰ বিত্ত, স্বাস্থ্যৃ, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৮ ফেব্ৰুৱাৰীত কৰা নাজিৰা ভ্ৰমণৰ সময়ত যিকেইটা পথেৰে মটৰ চাইকেলেৰে পৰিদৰ্শন কৰিছিল সেইসমূহৰ গোটেইবোৰ পথেই এতিয়া নিৰ্মাণৰ পথত। পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি এতিয়া সাকাৰ হোৱা বুলি  কয়। পথ বেয়া হোৱাৰ বাবে ৰাইজৰ দুৰ্ভোগ আৰু পথৰ দুৰাৱস্থাৰ কথা বৰ্ণনা কৰি বাতৰি প্ৰকাশ কৰি অহাৰ বাবে বিজেপিৰ চাহ মৰ্চাৰ সভাপতি গৰাকীয়ে সাংবাদিকসকললৈ ধন্যবাদ জনায়। তেওঁ গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈলৈ পথসমূহ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনায়। গেলেকী বৰশিলৰ  স্বৰ্গদৈউ গদাধৰ সিংহৰ ঐতিহ্য স্থানৰ সংযোগী পথটোৰ উন্নয়নৰ বাবে বিজেপি চাহ মৰ্চাৰ সভাপতি জনে গড়কাপ্তানী বিভাগলৈ যোৱা ১২ ফেব্ৰুৱাৰীত পত্ৰ প্ৰেৰণ কৰে আৰু বিভাগে পথটো গ্ৰহণ কৰা বাবেও বিভাগলৈ ধন্যবাদ জনায়। চাহ মৰ্চাৰ সভাপতিজনক সাংবাদিকসকলে লকডাউনৰ মাজতে আহ্বান কৰা প্ৰেছ মীটৰ গুৰুত্ব বুজি আৰু আন কিবা উদ্দেশ্য আছিল নেকি বুলি বাৰে বাৰে সোধা প্ৰশ্নৰ উত্তৰত তেনে বিষয় নাই বুলি প্ৰকাশ কৰে। পথ নিৰ্মাণৰ কামত তেওঁলোকে নিজে চকু ৰাখিব বুলি প্ৰকাশ কৰি সাংবাদিকসকলকো নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিত চকু ৰাখিবলৈ আহ্বান জনায়। প্ৰেছ মীটত বিজেপি চাহ মৰ্চাৰ সভাপতিজনৰ লগতে আঠখেল জিলা পৰিষদৰ সদস্য হেমন্ত ৰাজখোৱা, বিজেপি শিৱসাগৰ জিলাৰ উপসভাপতি ডাঃ প্ৰবীণ কোঁৱৰ, বিজেপি শিৱসাগৰ জিলাৰ সম্পাদক পলাশ পৱন শইকীয়া, দলীয় কৰ্মী সীমান্ত বৰঠাকুৰ উপস্থিত থাকে। চাহ মৰ্চাৰ সভাপতিজনে সাংবাদিকক তথ্য হিচাপে গড়কাপ্তানী পথ বিভাগে ১৫ মে’ত প্ৰকাশ কৰা বিভাগৰ নিবিদা আহ্বান জাননীৰ প্ৰতিলিপি মোবাইল ফোনৰ পৰা পাঠ কৰি শুনায়৷ উল্লেখযোগ্য যে ধোদৰ আলি, মেজেঙা ষ্টেচন ফীডাৰ, বৰতল গেলেকী আদি পথৰ পেকেজত ৩৬২১ দশমিক ৯৪ লাখ টকা। গেলেকী, মেকীপুৰ চাৰিআলিৰপৰা বৰশিল পৰ্যটন ক্ষেত্ৰ পথৰ পেকেজত ২২৪৬ দশমিক ৩০  লাখ টকা৷ ৰহদৈ, মাদুৰি গোহাঁই আলিৰ পেকেজত ৫৪৭ দশমিক ২৭ লাখ টকা ধাৰ্য কৰাৰ লগতে নিবিদা আহ্বান ইতিমধ্যে আৰম্ভ হৈছে। স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়াই পথসমূহৰ উন্নয়নৰ বাবে বিভাগ আৰু মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰি থকাৰ বিষয়ে সাংবাদিকসকল অৱগত হৈ ৰোৱা বুলি জনোৱাত বিজেপি চাহ  মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাই স্থানীয় বিধায়ক বিৰোধী দলৰ হোৱা বুলি উল্লেখ কৰি প্ৰকাৰন্তে বিধায়কৰ ভূমিকাক গৌণ কৰে৷

Leave A Reply