Breaking

মুখ্যমন্ত্ৰীৰ নামত অপপ্ৰচাৰ। ছ’ছিয়েল মিডিয়াত সক্ৰিয় অপৰাধী চক্ৰ । জনসংযোগৰ মতে এয়া ‘ফেইক নিউজ’

0 1,163

গুৱাহাটী : টকা নাই ! বানাক্ৰান্তক   সাহাৰ্য দিব লাগিব ৰাইজেই। আপোনাৰ অলপ অৱদানে বিৰিঙাব পাৰে হাজাৰজন দুৰ্গতৰ মুখত হাঁহি। ঠিক  এইদৰে জনোৱা হৈছে আহ্বান। এফালে মুখ্যমন্ত্ৰীৰ হাস্যময়ী ফটো,আনফালে জনসংযোগ বিভাগৰ লগ’ সহ সচিবালয় শাখাত থকা ষ্টেট বেংক অৱ  ইণ্ডিয়াৰ বেংক একাউণ্ট নম্বৰ। অতি পৰিকল্পিত আৰু নিখুঁত ভাবে প্ৰস্তুত কৰা বিজ্ঞাপনটো আকৌ প্ৰচাৰ কৰা হৈছে স্বয়ং মুখ্যমন্ত্ৰীৰ হাততে থকা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা।বিভিন্ন জনৰ হাত বাগৰি ছ’চিয়েল মিডিয়াত ব্যাপক ভাৱে প্ৰচ্চলন হোৱাৰ পিছত চকু পৰিল জনসংযোগ বিভাগৰ।লগেলগে এই বিজ্ঞাপনটোযে আচল নহয়, এক ভূৱা বিজ্ঞাপনহে,জনসংযোগে  স্পষ্ট কৰিলে।বিভাগীয় ভাবে দায়িত্ব পালন কৰি জনসংযোগে স্পষ্ট কৰিলেও দুষ্ট চক্ৰৰ অপপ্ৰচাৰে ইতিমধ্যে বহু দূৰ শিপালেগৈ।ডিজিটেল যুগত সকলোৰে হাতে হাতে থকা স্মাৰ্টফোনত বিয়পি পৰিচে এই অপপ্ৰচাৰ।কিন্তু কোনে চলাইছে এই অপপ্ৰচাৰ ? ৰাজনৈতিক কাৰণত নে মুখ্যমন্ত্ৰীৰ ভাৱমুৰ্তী নাশ কৰিবলৈ,চৰকাৰখনৰ ব্যৰ্থতা উদঙাই দূৰৰ পৰা ৰং চাবলৈ কৰা হৈছে অপচেষ্টা?ৰাইজ এতিয়া বিভ্ৰান্ত।ডিজিটেল ব্যৱস্থাৰ সুযোগ লৈ বহুতে লেকাম নথকা ছ’চিয়েল মিডিয়াত বিভিন্ন উৰা-বাতৰি,অপ-প্ৰচাৰ চলাই আহিছে।আইনে ঢুকি পোৱাৰ আগতেই অপপ্ৰচাৰ চলোৱা পক্ষ আত্মগোপন কৰিবলৈ সক্ষম হৈছে।কংগ্ৰেছৰ আমোলত বিসম্বাবৰ সময়ত একাংশই তেতিয়াৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজনৈতিক উচ্চাকাংক্ষী ঘনিষ্ঠৰ জৰিয়তে ছ’চিয়েল মিডিয়াত অহৰহ অপ-প্ৰচাৰ চলাইছিল।সেইচক্ৰটো এতিয়া কংগ্ৰেছ এৰি শাসকীয় পক্ষত আছে।গতিকে ৰাইজে এনে অপ-প্ৰচাৰ তথা ভুৱাসংবাদৰ বাবে সকলো পক্ষকে সন্দেহ কৰিছে,শাসক আৰু বিৰোধী দুয়োপক্ষকে।দোষীক বিচাৰি উলিওৱাৰ ভাৰ চৰকাৰৰ হাততে আছে।চৰকাৰেই ৰাইজক  আশ্বস্ত কৰিব লাগিবযে মুখ্যমন্ত্ৰীৰ নামত অপ-প্ৰচাৰ চলোৱা পক্ষ কাৰ দ্বাৰা আৰু কি উদ্দেশ্যৰে পৰিচালিত হৈছে,সেই কথা।লগতে তথ্য আৰু জনসংযোগ বিভাগৰো দায়িত্ব বাঢ়িৰ।ফেইক নিউজ বুলি কৈয়েই দায়িত্বৰ ইতি নেপেলাই নিজ চৰকাৰ আৰু বিভাগীয় মুৰব্বীৰ বিৰুদ্ধে চলা এনে অপপ্ৰচাৰৰ আঁৰৰ ৰহস্য উদঙাই দিব লাগিব।।

Leave A Reply