Breaking

শিৱসাগৰৰ নাজিৰা মহকুমা মহকুমাধীপতি কাৰ্যালয়ৰ সন্মুখত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ব্লক কংগ্ৰেছৰ

0 1,585

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পৰা মহকুমাধিপতি সব্যসাচী কাশ্যপে গ্ৰহণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ পঠোৱা স্মাৰক পত্ৰ।শিৱসাগৰৰ নাজিৰা মহকুমা মহকুমাধীপতি কাৰ্যালয়ৰ সন্মুখত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ব্লক কংগ্ৰেছৰ। ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচীত নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অংশগ্ৰহণ কৰে।

দেশৰ যুৱক সকলৰ ভৱিষ্যত ধ্বংস কৰিবলৈ তথা সেনা জোৱানসকলৰ নিযুক্তি ঠিকা ভিত্তিক কৰা ষড়যন্ত্ৰৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত সৰৱ হৈ ক্ষোভ উজাৰে বিৰোধীয়ে। কেন্দ্ৰীয় চৰকাৰে অনা অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত ব্লক কংগ্ৰেছ কমিটিৰ বহু শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। লগতে শাসকীয় চৰকাৰখনৰ সিদ্ধান্ত সলনি কৰিবলৈ দাবী জনাই।আনহাতে ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত লোৱা প্ৰতিবাদস্থলীৰ পৰাই ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পৰা মহকুমাধিপতি সব্যসাচী কাশ্যপে স্মাৰক পত্ৰ গ্ৰহণ কৰে। অনতিপলমে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰখনি নাজিৰা মহকুমা পশাসনে প্ৰেৰণ কৰিব।

প্ৰেৰক ফাৰহান লস্কৰ, জয়সাগৰ

Leave A Reply