Breaking

মৰিগাঁও ই-ৰিক্সা চালক তথা ড্ৰাইভাৰ সন্থাৰ উত্তাল প্ৰতিবাদ

0 1,092

মৰিগাঁও মাজমজিয়াত আজি ই-ৰিক্সা চালক তথা ড্ৰাইভাৰ সন্থাৰ উত্তাল ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়।বিগত সময়ছোৱাত মৰিগাঁও মূল চহৰৰ ভিতৰত ই-ৰিক্সা সমুহক প্ৰবেশ নিষিদ্ধ কৰাত মৰিগাঁও চহৰৰ বিভিন্ন ই-ৰিক্স চালক তথা ড্ৰাইভা সকলে বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু তাৰে সমান্তৰাল ভাৱে আজি মৰিগাঁও ই-ৰিক্সা সন্থাই মৰিগাঁৱৰ মাজমজিয়াৰ পৰা মৰিগাঁও উপায়ুক্ত কাৰ্য্যালয়লৈ এখনি বিশাল ৰেলী বাহিৰ কৰি উত্তাল প্ৰতিবাদ কৰা দেখা যায়।


উক্ত প্ৰতিবাদৰ জৰিয়তে মৰিগাঁও ই-ৰিক্সা সন্থাই বিভিন্ন দাবি সমুহ আগত ৰাখি মৰিগাঁও উপায়ুক্ত অনুপস্থিত মৰিগাঁও চক্ৰ বিষয়াৰ হাতত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰি ২৪ ঘন্টাৰ ভিতৰত দাবি সমুহ পুৰন কৰিবলৈ আহ্বান জনাই।লগতে আজিৰ এই প্ৰতিবাদত কাৰ্যসূচীত মৰিগাঁও আশা কৰ্মী আৰু বিদ্যালয়ৰ ছাত্র ছাত্রীয়ে ই-ৰিক্সা সন্থাক সমৰ্থন জনাই ।

Leave A Reply