Breaking

গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিশ্বনাথৰ বৰগাঙত প্ৰতিবাদ

0 2,019

দেশৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে দেশৰ আটাইতকৈ ধনবান ব্যৱসায়ী আদানীৰ ব্যৱসায়ৰ লাভৰ স্বাৰ্থত গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানীক গতাই দিয়া কাৰ্যৰ অসম জুৰি হোৱা প্ৰতিবাদৰ লগত সংগতি ৰাখি আজি বিশ্বনাথৰ বৰগাঙত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু বিপ্লৱী যুৱ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে দেশৰ ৰাজহুৱা সম্পদ এটা এটাকৈ ব্যক্তিগত খণ্ডক গতাই শ্ৰমিক কৰ্মচাৰীৰ লগতে জনসাধাৰণৰ বিপদ মাতি আনিছে তাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে জনসাধাৰণক সজাগ হ’বলৈ আহ্বান জনায় সংগঠন দুটাই।  চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি বিক্ষোভ প্ৰদৰ্শন কৰাৰ পিছতে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সম্পাদক কৃষ্ণ পাইক আৰু বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলাৰ মূখ্য আহ্বায়ক পৰিমল গোড়ে ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।

Leave A Reply