Breaking

সমস্যা সমাধানৰ দাবীত নগৰবেৰাত মহিলা সংগঠনৰ প্ৰতিবাদী কাৰ্য্যসূচী

0 1,533

নগৰবেৰাত খাদ্য সুৰক্ষাৰ চাউলৰ যোগান নিয়মীয়া কৰাৰ দাবী আৰু বেংক সেৱাৰ পুতৌজনক সেৱাৰ প্ৰতিবাদত কালি স্থানীয় পিজুপাৰা পলাহৰটাৰী মহিলা সমিতিয়ে  এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে বৃহত্তৰ নগৰবেৰাৰ একমাত্ৰ লেনদেনৰ বিত্তীয় প্ৰতিষ্ঠান চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ নগৰবেৰা শাখাটো চৰম অৰাজকতাৰে চলি থকাত গ্ৰাহক সকল দুৰ্ভোগ ভূগিব লগা হৈছে।বেংকটোত দালালৰাজ চলি থকাৰ বাবেই সাধাৰণ গ্ৰাহকে ২০০- ৩০০ শ টকা পৰ্যন্ত উৎকোচ দি নিজৰ জমা ধন উঠাবলগীয়া হয়। তদুপৰি প্ৰতিদিনে বেংকটোত  অত্যন্ত ভিৰ হৈ থকাত দুৰদুৰণিৰ পৰা অহা গ্ৰাহক সকলে বেংকৰ কাম কৰাতো দুৰৰে বেংকটোৰ ভিতৰতে প্ৰবেশ কৰিব নোৱাৰি বিফল মনে উভতি যাৱলগীয়া হয়। আনহাতে অঞ্চলটোত একেৰাহে তিনিমাহে চৰকাৰৰ বিনামূলীয়া চাউল যোগান নধৰাত দৰিদ্ৰ লোক সকলে হাহাকাৰ কৰিবলগীয়া হৈছে। কালি নগৰবেৰাৰ পিজুপাৰা পলাহৰটাৰী মহিলা সমিতিৰ নেতৃত্বত একাংশ মহিলাই নগৰবেৰা ৰাজহ চক্ৰৰ কাৰ্যালয় প্ৰাংগণত উপস্থিতিত হৈ অঞ্চলটোত বিনামূলীয়া চাউলনিয়মীয়াকৰণৰ আৰু চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ নগৰবেৰা শাখাত গ্ৰাহকৰ হাৰাশাস্তি বন্ধৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তদুপৰি প্ৰতিবাদকাৰী মহিলা সকলে উল্লেখিত সমস্যাৰ সমাধানৰ দাবীত ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বনশ্ৰী মালাকাৰৰ হাতত এক স্মাৰকপত্ৰও প্ৰদান কৰে

Leave A Reply