Breaking

লামডিঙৰ পাঁচ সন্তানে কঢ়িয়াই আনিলে গৌৰব

0 1,634

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙৰ পাঁচ গৰাকী সন্তানে কঢ়িয়াই আনিলে গৌৰব।নবম সৌদ অসম কম্ফু চেম্পিয়নশ্বিপ ২০২২ বোকাজানত অনুষ্ঠিত হৈ যোৱা কম্ফু খেলখনত লামডিঙৰ পাঁচ গৰাকী সন্তানে আনিলে গৌৰব।লামডিঙ মনসুৰি কম্ফু কোচিন স্কুলৰ ব্লেক বেল্ট অৰ্জন কৰা তথা কেইবাটাও পদত জয়লাভ কৰা বিপ্লৱ আচাৰ্য্যৰ নেতৃত্বৰ এটা দলে জানুৱাৰী ২৮,২৯,৩০ তাৰিখত হৈ যোৱা সৌদ অসম কম্ফু চেম্পিয়নশ্বিপ ২০২২ খেলখনত লামডিঙৰ পাঁচ গৰাকী সন্তানে কম্ফু খেলৰ প্ৰতিযোগিতাত ভাগ লৈছিল ।

ফাইনেল খেলখনত লামডিঙৰ পাঁচ গৰাকী সন্তানেই জয়লাভ কৰিলে।এজন গোল্ড, দুজন ব্ৰঞ্জ, দুজন ছিলভাৰ।গোল্ড – ৰাজ দে, ছিলভাৰ – ৰাজা দাস, ছিলভাৰ – ৰিয়া দত্ত, ব্ৰঞ্জ – ৰাজদীপ মজুমদাৰ, ব্ৰঞ্জ – ৰামেশ্বৰ বৰা

Leave A Reply