Breaking

নিউ বঙাইগাঁও ৰে’লৱে চিকিৎসালয়ত পিএছএ অক্সিজেন উৎপাদন প্ৰকল্পৰ উদ্বোধন

0 2,021

ধুমুহা বৰষুণৰ পিচত বতৰ ফৰকাল হয় ,কংগ্ৰেছৰো অৱস্থা ভাল হ’ব- আব্দুল খালেক ৷ বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে চিকিৎসালয়ত বৃহস্পতিবাৰে  প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডৰ অধীনত এটা পিএছএ অক্সিজেন উৎপাদন প্ৰকল্পৰ শুভ উদ্বোধন কৰা হয়৷ অক্সিজেন উৎপাদন প্ৰকল্পটো  বৰপেটা লোকসভাৰ সমষ্টিৰ সাংসদ আব্দুল খালেকে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ প্ৰকল্পটো শুভ উদ্বোধন কৰি সাংসদ খালেকে কয় যে প্ৰতি মিনিটত ২৫০ লিটাৰ অক্সিজেন উৎপাদনক্ষম প্ৰকল্পটিৰ পৰা এই চিকিৎসালয়ৰখনত অক্সিজেনৰ অভাৱ পূৰণ কৰাৰ লগতে এই বৃহত্তৰ অঞ্চলটোৰ স্বাস্থ্য সেৱাত এক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব ৷ সাংসদগৰাকীয়ে এই প্ৰকল্পটো উদ্বোধন কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰা বুলি কৈ ইয়াৰ বাবে  প্ৰধানমন্ত্ৰীগৰাকীকো ধন্যবাদ জনায় ৷

এই উদ্বোধনী অনুষ্ঠানত ৰে’লৱেৰ ৰঙিয়া সংমণ্ডলৰ এ ডি আৰ এম  অৰবিন্দ লাই, স্বাস্থ্য বিষয়া,  নিউ বঙাইগাঁও ৰে’লৱে চিকিৎসালয়ৰ অধীক্ষকৰ লগতে ৰে’লৱে বিভাগৰ বিষয়া, ৰঙিয়া সংমণ্ডলৰ ডিআৰইউচিচিৰ সদস্য সুব্ৰত আচাৰ্য, কংগ্ৰেছ দলৰ জিলা সভাপতি মৃণাল অধিকাৰী,  প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্য আদি উপস্থিত থাকে ৷ অনুষ্ঠানত সাংসদগৰাকীয়ে বঙাইগাঁও – নিউ বঙাইগাঁও পথৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি পথচোৱা শীঘ্ৰে নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এ ডি আৰ এমক কয় ৷  ইপিনে কংগ্ৰেছৰ বৰ্তমানৰ দুৰৱস্থা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ খালেকে কয় যে শীঘ্ৰেই কংগ্ৰেছৰ ভাল দিন আহি আছে ৷ সাংসদগৰাকীয়ে কয় যে মাজে মাজে প্ৰত্যাহ্বান আহে ৷ ধুমুহা বৰষুণৰ পিচত বতৰ ফৰকাল হয় ৷ কংগ্ৰেছৰো অৱস্থা ভাল হ’ব ৷ উল্লেখ্য যে বৰ্তমান হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ লগতে এআইইউডিএফৰ সৈতেও কোনো জোঁঁট বন্ধন নথকাৰ প্ৰসংগ উল্লেখ কৰি সাংসদ গৰাকীয়ে সমাগত উপ নিৰ্বাচনত কংগ্ৰেছে বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাব বুলি মন্তব্য  কৰে।

Leave A Reply