Breaking

কৃতী প্ৰধান শিক্ষক অনিল বাঘবৰাক ৰাজহুৱা বিদায় সম্বৰ্দ্ধনা

0 2,046

তিতাবৰ শিক্ষা খণ্ডৰ অধীনৰ বগাৰগাঁৱৰ বিকিদেবী গট্টানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক অনিল বাঘ বৰাক কালি আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্দ্ধনা জনায়।  বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী ,বিদ্যালয় পৰিচালনা সমিতিয়ে ৰাজহুৱা বিদায় সম্বৰ্দ্ধনা জনায়। লগতে বিদ্যালয়ৰ শিক্ষক দেবেন তামুলী আৰু নৰেণ পাঠককো বিদায় সম্বৰ্দ্ধনা জনায়। তিতাবৰৰ শিক্ষাবিদ পদ্মেশ্বৰ গায়নৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ আঁতধৰে শিক্ষক নন্দন শৰ্মা ই আৰু আদৰণী সম্ভাষণ জনালে বিদ্যালয়ৰ প্ৰধান শিক্ষক পল্লব গগৈয়ে। সভাত বিদায়ী প্ৰাৰ্থী সকলক বিপুল সম্বৰ্দ্ধনা জনায় বিদ্যালয় কৰ্তৃপক্ষৰ উপৰি স্থানীয় সংগঠন আৰু শুভাকাংক্ষী ৰাইজে। সভাত বিশিষ্ট অতিথি হিচাপে তিতাবৰ জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি ধৰ্মেশ্বৰ বৰুৱাআৰু তিতাবৰ প্ৰেছ ক্লাবৰ উপদেষ্টা বিমান শইকীয়াই বিশিষ্ট অতিথি হিচাপে বক্তৃতা প্ৰদান কৰে আৰু  সম্পাদক আৰিফ ৰহমান,পৰীক্ষা সচিব উত্তম বৰা, , ৰত্নেশ্বৰ বৰা, প্ৰনবেন্দ্ৰ দেবনাথ, কুশল সন্দিকৈ অৰুণোদয় হাইস্কুলৰ প্ৰধান শিক্ষক   চন্দ্ৰ কলিতা  প্ৰমুখ্যে ব্যক্তি সকলে অংশগ্ৰহণ কৰে। বিদায়ী প্ৰাৰ্থী অনিল বাঘ বৰা,দেবেন তামুলী আৰু নৰেণ পাঠকেও বক্তব্য প্ৰদান কৰে। বিভিন্ন গীত মাতেৰে মুখৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সভাত বিদ্যালয়ৰ কৃতী শিক্ষাৰ্থী সকলকো অভিনন্দন জ্ঞাপন কৰে। সভাত অঞ্চলটোৰ বহু শিক্ষানুৰাগী ব্যক্তি আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলেও বিশেষ ভাবে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। স্থাপন ৰাইজে কৃতজ্ঞতা প্ৰকাশ কৰে।

Leave A Reply