Breaking

জনসংযোগ সম্পৰ্ক অভিযান, নাই কোনো সামাজিক দুৰত্ব ।

0 747

কৰিমগঞ্জ : বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ বৰ্যপূৰ্তি উপলক্ষ্য ৰাইজৰ মাজত চৰকাৰী কাম কাজৰ বাৰ্তা দিবলৈ আৰু সজাগতা সৃষ্টি কৰাৰ বাবে  আৰম্ভ হৈছে জনসম্পৰ্ক অভিযান। আৰু এই জনসম্পৰ্ক অভিযানতো  সামাজিক দুৰত্ব  উলংঘা কৰিলে খোদ শাসনাধিষ্ঠ দলৰ আগশাৰীৰ নেতা পালিনেতাই। ঘটনাস্থল কৰিমগঞ্জ চহৰ। মঙ্গলবাৰে কৰিমগঞ্জত বিজেপিয়ে চলাইছে ঘৰে ঘৰে সম্পৰ্ক অভিযান। চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি হাতত লোৱা হৈছে আৰু যিবোৰ আঁচনি ইতিমধ্যে বাস্তৱায়িত হৈছে তাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এইজন সম্পৰ্ক অভিযান আছিল। উত্তৰ কৰিমগঞ্জৰ দায়িত্ব থকা শিলচৰৰ সাংসদ ডঃ ৰাজদ্বীপ ৰয়ৰ নেতৃত্বত চলিছিল এই জনসম্পৰ্ক অভিযান কিন্তু এই জনসম্পৰ্ক অভিযানত নাছিল সামাজিক দূৰত্ব। ইপিনে ৰাজ্যৰ প্ৰতিজন জিলা সভাপতি আৰু মণ্ডল সভাপতিক জনসম্পৰ্ক অভিযানত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে কেইবাটাও নিয়মাৱলী ৰাজ্যিক সভাপতিয়ে বান্ধি দিছিলে, আৰু কোৱা হৈছিল কাৰ্যসূচীৰ নেতৃত্বৰ সৈতে দুজন কাৰ্যকর্তা সংগ দিয়াৰ কথা আৰু সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে ফেচ কভাৰ পিন্ধাটো বাঞ্চনীয়। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইয়ে এক পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু এনে নিৰ্দেশনাক কেৰেপ নকৰি সামাজিক দূৰত্ব বজায় নাৰাখি জনসম্পৰ্ক অভিযান চলায় বিজেপিয়ে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে শাসক দলৰ আগশাৰীৰ নেতা সকলে যদি সামাজিক দূৰত্ব বজায় নাৰাখি ৰাজহুয়াভাৱে এনে জনসম্পৰ্ক অভিযান চলায় তেন্তে কি কৰিব সাধাৰণ ৰাইজে?  সামাজিক দুৰত্ব বজোৱা হোৱা নাই এই কথা স্বীকাৰ কৰি আগন্তক দিনত সামাজিক দুৰত্ব বজায় ৰাখিব বুলি কেমেৰাৰ আগত কয় শিলচৰৰ সংসদগৰাকীয়ে।

Leave A Reply