Breaking

জনসমুদ্ৰত পৰিণত নেমছুৰ কেন্দ্ৰীয় অধিবেশন

0 1,028

দুদিনীয়া কাৰ্যসূচীৰে চলি থকা দৰঙৰ খাৰুপেটীয়াৰ নেমছুৰ অধিবেশনস্থলী উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰে সমন্নয়স্থলত পৰিণত হৈ পৰে । উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ গৌৰৱ উজ্জ্বল তিনিটা বসন্ত অতিক্ৰম কৰিছে।সেই উপলক্ষে দৰং জিলাৰ খাৰুপেটীয়া ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প প্ৰাঙ্গণত দুদিনীয়া বৰ্ণাঢ্য কার্যসূচীৰে আয়োজন কৰে প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন আৰু তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। উক্ত প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী মতে, সৰ্বসন্মত মৰ্মে, বদৰুল ইছলামক সভাপতি আৰু জিয়াউল হকক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতি খন গঠন কৰা হয় । 

দ্বিতীয় দিনৰ কাৰ্যসূচী মতে অনুষ্ঠিত হোৱা মুকলি সভাত নেমছুৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় লগতে যুৱ সাংবাদিক ৰিকি দাস, ৰফিক তালুকদাৰ , ইমৰাণ আলী, আশ্ৰানুল হক,আবুল হাছেম , আবুল খায়েৰ আদিক  আৰু আন্তঃৰাষ্ট্ৰীয় কেৰাটে খেলুৱৈ চান্দনী খাতুন  লগতে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভাৰে জিলিকি উঠা প্ৰতিভাক সম্বৰ্ধনা জনায় ।আনহাতে মুকলি সভাত  বিশিষ্ট অতিথি ৰূপে নতুন দিল্লীৰ   তাছলিম ৰেহমানী, মিন উন্নয়ন বৰ্ডৰ অধ্যক্ষ গুৰু জ্যোতি দাস, নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম,অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰী বিশিষ্ট কণ্ঠ শিল্পী নাহিদ আফ্ৰিন,উত্তৰ-পূৰ্বাঞ্চলৰ আমন্ত্ৰিত বুদ্ধিজীৱিসকল উপস্থিত থাকে ৷ নাহিদ আফ্ৰিনে নৱ নিৰ্বাচিত সমিতিক শুভেচ্ছা জনোৱাৰ সমান্তৰালভাৱে ভালকৈ সমাজৰ হকে কাম কৰি যাবলৈ আহব্বান জনায়৷

Leave A Reply