Breaking

ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ সলিল সমাধি ঘটা তিনি গৰাকী কিশোৰ কিশোৰীক আমিনগাঁৱত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি…

0 86

আমিনগাঁৱত পহিলা বহাগৰ দিনাই আমিনগাঁওত সংঘটিত হৈছিল অতি শোকাৱহ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ দুজন ছাত্ৰৰ লগতে এগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু হৈছিল। সেই শোকাবহ দুৰ্ঘটনা আজিও অঞ্চলটোৰ ৰাইজে পাহৰিব পৰা নাই। শোকাবহ দুৰ্ঘটনাত মৃত্যু হৈছিল ১৪ বছৰীয়া ছাত্ৰী অম্বিকা দাস, (পিতা- কাশি নাথ দাস),ছাত্ৰ দুজন ক্ৰমে আমন হাবালদাৰ(১১), (পিতা- নিৱাস হাৱালদাৰ), আৰু জিৎ দাস(১০)( পিতা- ৰঞ্জিত দাস) ।

আজি আমিনগাঁৱৰ মেধিপাৰাত তিনিও গৰাকী ছাত্ৰ ছাত্ৰীৰ সোঁৱৰণত এখন ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। উত্তৰ গুৱাহাটী পৌৰসভাৰ ২ নং ৱাৰ্ডৰ পাৰিষদ বনমালী হাজৰিকা, সমাজকৰ্মী পুষ্প ডেকা আৰু ৰাইজৰ সহযোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে মৃত ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পণ কৰে মৃত ছাত্ৰ ছাত্ৰী সকলৰ পিতৃ আৰু মাতৃ সকলে। ইয়াৰ পাছতে উপস্থিত স্থানীয় সমাজকৰ্মী পুষ্প ডেকা আৰু উত্তৰ গুৱাহাটী পৌৰসভাৰ পাৰিষদ বনমালী হাজৰিকাৰ লগতে উপস্থিত ৰাইজে শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰে। ইয়াৰ পিছতে বিভিন্ন অঞ্চলৰ পৰা আমন্ত্ৰণ কৰি অনা কেইবাটাও নাগাৰা নামৰ দলে নাগৰা নাম পৰিবেশন কৰে।

Leave A Reply