Breaking

বৃহত্তৰ বহুপথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ উদ্যোগত আলোচনী আৰু কবিতা পুথি উন্মোচন

0 2,071

দেৰগাঁৱৰ সমীপবৰ্তী   বৃহত্তৰ বহুপথাৰ আঞ্চলৰ অগ্ৰণ  সাহিত্য অনুষ্ঠান বৃহত্তৰ বহুপথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ উদ্যোগত  নামনি বহু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাখনিৰ আৰম্ভণীতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ  সমিতিৰ উপ সভাপতি বিজয় কুমাৰ গগৈয়ে। বৃহত্তৰ বহু পথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ সম্পাদক ৰঞ্জিত গগৈয়ে আঁতধৰা অনুষ্ঠানটিত   বৃহত্তৰ বহু পথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ ছয় মাহিলী আলোচনী “খোজ”  উন্মোচন কৰে অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় উপসভাপতি ৰাজেন পূজাৰীয়ে। ইয়াৰ পাছতেই শিক্ষয়িত্ৰী বীণা বৰুৱা ফুকনৰ কবিতা পুথি “শতৰূপা” উন্মোচন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ অমিয়া গগৈয়ে। বৃহত্তৰ বহু পথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ সভাপতি মানিক গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত  অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সম্পাদক ৰাতুল বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ সহকাৰী সম্পাদক টুটুমনি নাথ, অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সদস্য জ্যোতি জনাৰ্দন বৰা, লব্ধপ্ৰতিষ্ঠ কবি নেত্ৰজ্যোতি গগৈ হাজৰিকা, কৃতী শিক্ষক অপূৰ্ব হাজৰিকা, সমাজ কৰ্মী পৰেশ গগৈ, থানেশ্বৰ গগৈ, সিদ্ধিনাথ গগৈ আৰু নামনি বহু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত দাসকে ধৰি অঞ্চলটোৰ বহুকেইজন গন্য মান্য ব্যক্তিৰ লগতে শতাধিক সাহিত্য অনুৰাগী উপস্থিত থাকে।

Leave A Reply