Punjab and Haryana ।পঞ্জাব বনাম হাৰিয়ানাৰ জলবিবাদঃ জলযুদ্ধৰ সৃষ্টি কৰিছে কোনে?


২ মে’২০২৫ঃ
punjab and haryana । পঞ্জাব আৰু হাৰিয়ানাৰ মাজত চলি আছে পানীকলৈ বিবাদ৷ হাৰিয়ানাৰ সৈতে পানী ভাগ-বতৰা কৰাৰ ফলত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে পঞ্জাৱ চৰকাৰে নাংগল বান্ধত নিৰাপত্তা বৃদ্ধি কৰিছে। কেইবাদিনো ধৰি চলি থকা এই সংঘাতৰ ফলত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নেতৃত্বত দিল্লীত এখন বৈঠক অনুষ্ঠিত হয়, য’ত পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ, আৰু ৰাজস্থানৰ বিষয়াসকলে বিবাদৰ পিছৰ পৰিস্থিতিৰ সমাধানৰ বাবে অংশগ্ৰহণ কৰে।

২৩ এপ্ৰিলত হাৰিয়ানাই ভাক্ৰা মথাউৰিৰ পৰা ৮৫০০ কিউচেক পানী বিচৰাৰ পিছতে দুয়োখন ৰাজ্যৰ মাজত নতুন বিবাদৰ সৃষ্টি হয়।বৰ্তমান হাৰিয়ানাই দৈনিক ৪০০০ কিউচেক পানী লাভ কৰি আছে যদিও এতিয়া অতিৰিক্ত ৮৫০০ কিউচেক পানীৰ বাবে দাবী জনাইছে।

মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীয়ে হাৰিয়ানাৰ খোৱাপানীৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানক ফোন কৰে। কিন্তু মানে ইয়াৰ উত্তৰত কয় যে ইতিমধ্যে পানীৰ সংকটৰ সৈতে যুঁজি থকা পঞ্জাৱৰ হাতত পানী বাকী নাই।বুধবাৰে বিবিএমবিৰ অধ্যক্ষ মনোজ ত্ৰিপাঠীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিজেপি শাসিত হাৰিয়ানা, ৰাজস্থান আৰু দিল্লীয়ে হাৰিয়ানালৈ পানী মুকলি কৰাৰ সপক্ষে ভোটদান কৰে। ভাক্ৰা আৰু নাংগল বান্ধক প্ৰায়ে একক সত্তা বুলি গণ্য কৰা হয় যদিও প্ৰকৃততে এইবোৰ পৃথক বান্ধ। ভাক্ৰা বান্ধ মথাউৰি হিমাচল প্ৰদেশত অৱস্থিত, নাংগল বান্ধ পাঞ্জাৱত আছে।

Related Articles