Breaking

মদ খাই চাব নোৱাৰিব ফিফা ৱৰ্ল্ডকাপ। ৰজাৰ হুকুম। বিপাঙত ফিফা।

0 65

কাটাৰৰ ৰাজপৰিয়ালে জাৰি কৰিছে এক নিৰ্দেশ৷ কাটাৰ বিশ্বকাপত নিষিদ্ধ হ’ল মদ বা মদজাতীয় পানীয়৷বিশ্বকাপ আৰম্ভৰ ৪৮ ঘণ্টাৰ পূৰ্বে এই লৈ এতিয়া বিপাঙত পৰিছে ফুটবল সংস্থা ফিফা৷
উল্লেখ্য যে বিশ্বকাপৰ অনত্যম স্পনছৰ হৈছে এটা বিয়েৰ প্ৰস্তুতকাৰক সংস্থা৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰা ফুটবলপ্ৰেমীয়ে কাটাৰত উপস্থিত হৈছে৷ কিন্তু দেশখনৰ এই নিয়মৰ স’তে তেওঁলোক পৰিচিত নহয়৷
কিন্তু ৰাজপৰিয়ালৰ নিৰ্দেশ মানি চলিবলৈ বাধ্য হৈছে ফিফা৷ সেয়ে ষ্টেডিয়ামসমূহৰ পৰা বিয়েৰৰ দোকানসমূহ আঁতৰাই দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ 
ৰাজপৰিয়ালৰ নিৰ্দেশে ফিফাক বিপাঙত পেলোৱাৰ অন্যতম কাৰণ হৈছে ষ্টেডিয়ামসমূহত বিয়েৰ বিক্ৰী নহ’লে আৰ্থিক ক্ষতি হ’ব সংস্থাটোৰ৷
কাটাৰৰ ৰজাই এই লৈ বিশেষ একো নক’লেও ৰাজপৰিয়ালৰ তৰফৰ পৰা ষ্টেডিয়ামত বিয়েৰ বিক্ৰীক লৈ তীব্ৰ আপত্তি প্ৰদৰ্শন কৰা হৈছে৷ ফিফাই এই লৈ ৰাজপৰিয়ালৰ স’তে আলোচনাত মিলিত হোৱা বুলিও জানিব পৰা গৈছে৷ কিন্তু নিজৰ দাবীত ৰাজপৰিয়াল অলৰ-অচৰ৷
সাধাৰণতে ইচলামিক দেশ হোৱা বাবে কাটাৰত মদ নিষিদ্ধ৷ ৰাজধানী দোহাৰ কেইখনমান বিলাসী হোটেলত মদ্যপানৰ অনুমতি আছে যদিও সাধাৰণ মানুহৰ বাবে ই সম্ভৱ নহয়৷
দোহাৰ পৰা আঠ কিলোমিটাৰ দূৰত এখন মদৰ দোকান আছে৷ কৰ্মসূত্ৰে কাটাৰত বাস কৰা বিদেশী নাগৰিকসকলৰ হাতত অনুমতি পত্ৰ থাকিলে সেই দোকানত গৈ মদ কিনিব পাৰে৷ কিন্তু ৰাজহুৱাভাৱে মদ্যপান কৰা দেশখনত নিষিদ্ধ৷

Leave A Reply