Breaking

কোৱাৰেণ্টাইন কেন্দ্ৰকলৈ তৎপৰতা বিধায়ক, উপায়ুক্তৰ : বিচনা দান দৰঙৰ বিশিষ্ট ব্যৱসায়ীৰ

0 84

মঙলদৈ

বহিঃৰাজ্যৰ পৰা দৰঙলৈ আহিবলগীয়া প্ৰায় ৯ হাজাৰ শ্ৰমিক, যুৱক, শিক্ষাৰ্থীৰ মাজৰে ইতিমধ্যে ৪৪৭ গৰাকী উপস্থিত হৈছে যদিও ইয়াৰে ৮২ জনক ঘৰলৈ যাব দিয়া হৈছে৷ বাকী আহিব লগাসকলৰ কাৰণে দৰং জিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে এতিয়া ন ন কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু এনে কেন্দ্ৰসমূহৰ বাবে আচবাব সংগ্ৰহত তৎপৰ হৈ পৰিছে৷ দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই এই সংকট কালত দৰং জিলাবাসীক নিজ ঘৰত অব্যৱহৃত আৰু অতিৰিক্ত বিচনা দান কৰিবলৈ আহ্বান জনাইছিল৷ কিয়নো বহিঃৰাজ্যৰ পৰা আহিব লগীয়াসকলক সুকীয়াকৈ ৰাখিবৰ বাবে প্ৰশাসনৰ হাতত ইমান সংখ্যক বিচনা বা আচবাব মজুত নাই৷ একেদৰে দৰং জিলাৰ বিভিন্ন হোটেল বা লজত সুকীয়াকৈ ৰখাটো ইমান বিশাল লোকৰ বাবে সম্ভৱ নহয়৷ মঙলদৈ কলেজৰ ছাত্ৰী নিবাসৰ দুমহলীয়া আবাস আৰু পুৰণি ছাত্ৰী নিবাসতাে চাৰি শতাধিক লোকক ৰখাতো সম্ভৱ নহয়৷ এনে পৰিস্থিতিত দৰঙলৈ বহিঃৰাজ্যৰ পৰা সোঁত বৈ থকা লোকসকলক ৰখাৰ বাবে আজি দৰঙৰ উপায়ুক্ত  দিলিপ কুমাৰ বৰা, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস সমন্বিতে এটা উচ্চস্তৰীয় দলে মঙলদৈ বামুনপাৰাৰ ডি ডি ইউ জি কে ৱাইৰ তিনি মহলীয়া আবাসীক কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে মঙলদৈ বেজপাৰাৰ আৰচেটি কেন্দ্ৰটো পৰিদৰ্শন কৰে৷ এই দুটা কেন্দ্ৰৰ বাদেও মঙলদৈ চহৰৰ আবাসিক অঞ্চলৰ পৰা নাতি দূৰৈত থকা চৌদিশৰ পকীবেৰ আৰু আন্তঃগাঁথনি থকা অব্যাহিত আই টি আই খনৰ কথাও চৰ্চিত হৈছে৷ নৱ নিযুক্ত উপায়ুক্তগৰাকীয়ে সকলো পক্ষৰে পৰামৰ্শ তথা সুৰক্ষাৰ দিশটোৰ কথা আলোচনা কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহন কৰিব৷ ইয়াৰ মাজতে দৰঙৰ উপায়ুক্তই জনোৱা আহ্বানৰ প্ৰতি সহাৰি দি মঙলদৈৰ বিশিষ্ট ব্যৱসায়ী তথা জিলা কংগ্ৰেছৰ উপসভাপতি দুলাল হীৰাই ৩০ খনকৈ বিচনা দান কৰিছে৷ বিচনা দান কৰিবলৈ আন ব্যৱসায়ী চৰকাৰী কৰ্মচাৰী তথা ধনাধ্য ঠিকাদাৰলৈ আহ্বান জনাইছে কেইবাটাও সংগঠনে৷

Leave A Reply