Breaking

নাজিৰাত বিশুদ্ধ খোৱা পানীৰ নামত আৰ্চেনিক যুক্ত পানী সেৱনেৰে তৃষ্ণা নিবাৰণ

0 67

নাজিৰা

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ বৰমূৰীয়াসকলৰ কৃপাত মহকুমাবাসীয়ে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ নামত আৰ্চেনিক যুক্ত পানী সেৱনেৰে তৃষ্ণা নিবাৰণ কৰি ভয়াবহ জীৱন অতিবাহিত কৰিছে। মহকুমাটোৰ অন্তৰ্গত গৰিষ্ঠ সংখ্যক পানী যোগান প্ৰকল্প বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ বাবেই জনগণে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে। উল্লেখযোগ্য যে বিভাগীয় কৰ্তৃপক্ষৰ ফাইলত এই বিকল পানী যোগান প্ৰকল্প সমূহ মেৰামতিৰ বাবে বছৰি লাখ লাখ টকা আৱণ্টন আহে৷ কিন্তু এই আৱণ্টিত ধনৰ সম্যকভাৱে ব্যয় কৰি কিছু কাম হোৱাৰ বিপৰীতে আন একাংশ প্ৰকল্পৰ মেৰামতিৰ কাম নোহোৱাকৈয়ে সিংহভাগ ধন ঠিকাদাৰ আৰু বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে মিলি গো-গ্ৰাসে ভক্ষণ কৰি আহিছে৷ নাজিৰা মহকুমাটোৰ অন্তৰ্গত হুলাংকাটনী, বিহুবৰ, পদুমপুখুৰী, নিমাইগড় চেতিয়া পুখুৰী, জতকীয়া, শিমলুগুৰি, লক্ষ্মীজান, ৰামু গাঁও আদি বিভিন্ন অঞ্চলৰ জনগণে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে। এই অঞ্চলসমূহত লাখ লাখ টকা ব্যয় কৰি চৰকাৰে পানী যোগান প্ৰকল্প নিৰ্মাণ কৰি ৰাখিছে যদিও প্ৰায়কেইটা প্ৰকল্প কাৰিকৰী সমস্যাৰ বাবে বিকল হৈ পৰাত এতিয়া দীৰ্ঘদিন ধৰি বঞ্চিত হৈছে খোৱা পানীৰ পৰা। এই বিকল পানী যোগান প্ৰকল্পসমূহৰ যন্ত্ৰপাতিসমূহ মেৰামতি কৰি কাৰ্যক্ষম কৰি তোলাৰ বাবে চৰকাৰী বিভাগৰ পৰা যথেষ্ট পৰিমাণে ধন মোকলাই দিয়া হয় যদিও ইয়াৰ দায়িত্বৰত অভিযন্তা, কণিষ্ঠ অভিযন্তসকলে কোনো ধৰণৰ কাম নকৰাকৈয়ে দায়িত্ব সামৰে। যাৰ ফলত জনগণে তৃষ্ণা দূৰ কৰিবলৈ এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হয় আৰু মেৰামতিৰ দায়িত্বত থকা বৰমূৰীয়াসকলে ৰহস্যজনক ভাৱে মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হয়৷ আনহাতে মহকুমাটোৰ কেইটামান অঞ্চলত খোৱা পানী আঁচনিসমূহৰ কাম সম্পূৰ্ণ হৈ আছে যদিও বিভাগীয় অভিযন্তাৰ হেমাহিৰ বাবেই পানী যোগান ধৰিব পৰা নাই। যাৰ ফলত জনগণে জান-জুৰি, নদ-পুখুৰী আদিৰ বীজানুযুক্ত পানীকে সেৱন কৰিব লগা হৈছে৷ আন এক অভিযোগ মতে নাজিৰা মহকুমাৰ শিমলুগুৰি দেওধাই গাঁৱত অৱস্থিত পানী যোগান প্ৰকল্প এটাৰ পৰা অঞ্চলটোৰ প্ৰায় ৫০ টা পৰিয়ালৰ গৃহলৈ গৃহ সংযোগ দিয়া পানীৰ পাইপেৰে আজি ৫-৬ মাহ ধৰি পানী অহা নাই। অভিযোগ মতে গৃহ সংযোগৰ বাবে প্ৰতিটো পৰিয়ালে এক হাজাৰ টকাকৈ আগধন দিয়াৰ লগতে সমগ্ৰ সামগ্ৰী পৰিয়াল সমূহে নিজেই ক্ৰয় কৰিছিল আৰু শ্ৰমিকৰ পাৰিশ্ৰমিকো পৰিয়ালসমূহে নিজেই বহন কৰিছিল। গৃহ সংযোগৰ বাবে পৰিয়ালসমূহে নিজেই ব্যয় কৰা টকা একাংশ চতুৰ বিষয়াই বিভাগৰ কাৰ্যালয়ৰ ফালৰপৰা ব্যয় কৰাৰ হিচাপ দেখুৱাই বৃহৎ পৰিমাণৰ ধন গ্ৰাস কৰিলে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে। আন এক অভিযোগ অনুসৰি নাজিৰা মহকুমাৰ বাণ্টুং পঞ্চায়তৰ অন্তৰ্গত নিমাইগড় হাবি গাঁও চেতিয়া পুখুৰী পাৰত অৱস্থিত পানী যোগান প্ৰকল্পটোৰ সীমা বেৰা পকীকৰণৰ বাবে ১৯৯৫ চনতে তেতিয়াৰ চৰকাৰে পৰ্যাপ্ত ধন আৱণ্টন দিছিল। উক্ত ধনেৰে চাৰিভাগৰ এক অংশও পকী সীমা বেৰা নিৰ্মাণ সম্পূৰ্ণ নহ’ল সুদীৰ্ঘ ২৫ টা বছৰে। এই সন্দৰ্ভত নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বপ্ৰাপ্ত অভিযন্তা ফাইজুল ইছলামে বিষয়টোৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰাৰ উপৰি এইবোৰ কথা জানি কি ডাল কৰিব বুলিহে মত দাঙি ধৰে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এনে ক্ষেত্ৰত ৰাইজে উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জনগণে যাতে প্ৰকল্প সমূহৰ পৰা বিশুদ্ধ খোৱা পানী লাভ কৰে তাৰ সঠিক পদক্ষেপ গ্ৰহণৰ বাবে মহকুমা প্ৰশাসন কৰ্তৃপক্ষক নিবেদন জনাইছে৷

Leave A Reply