Breaking

প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল এনে সিদ্ধান্ত‌ই ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নমাই আনিছে অনিশ্চয়তা

0 62

শিৱসাগৰৰ আমগুৰি আউনিআটিয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনিশ্চয়তাত থকা বহু ছাত্ৰ- ছাত্ৰী, ছেবাৰ হঠকাৰী সিদ্ধান্তৰ বাবে বিভিন্ন দ’ল সংগঠনে তীব্ৰ প্ৰতিক্ৰীয়া। পুৱা শুই উঠি পৰীক্ষা দিবলৈ গৈছিল ছাত্ৰ-ছাত্ৰী, সাধাৰণ বিজ্ঞানৰ পৰীক্ষা আছে। বিজ্ঞান, ইংৰাজী মানেই বহু ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ পৰীক্ষা । সেয়েহে প্ৰস্তুতিও চলাইছিল ছাত্ৰ-ছাত্ৰীয়ে । কেৱল পঢ়া-শুনাৰ প্ৰস্তুতিয়েই নহয়, মানসিক ভাৱেও ছাত্ৰ-ছাত্ৰীসকল সাজু হৈ আহিছিল । উজনি-নামনি সৰ্বত্ৰে এতিয়া প্ৰতিবাদ । প্ৰতিকৃতি জ্বলিছে শিক্ষামন্ত্ৰী আৰু ছেবাৰ । প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত‌ই ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নমাই আনিছে অনিশ্চয়তা । শিৱসাগৰৰ আমগুৰি আউনিআটিয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনিশ্চয়তাত থকা বহু ছাত্ৰ- ছাত্ৰীৰ উপস্থিত, ছেবাৰ হঠকাৰী সিদ্ধান্তৰ বাবে বিভিন্ন দ’ল সংগঠনে সংবাদ-মাধ্যমৰ আগত তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টিৰ উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনোৱাৰ লগতে ঘটনাৰ নৈতিক দায়িত্ব গ্ৰহণ কৰি শিক্ষামন্ত্ৰী তথা বিভাগীয় বিষয়াই পদত্যাগৰ দাবী জনায় । প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত সকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী ৰাইজ অথবা দল সংগঠনৰ ।

Leave A Reply