Breaking

দুলীয়াজানত সোণালী জয়ন্তী বৰ্ষৰ ৰাস মহোৎসৱৰ শুভাৰম্ভ

0 65

শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দুলীয়াজানৰ বিহুতলীৰ প্ৰাংগণত অনুষ্ঠিত হৈছে সোণালী জয়ন্তী বৰ্ষৰ ৰাস মহোৎসৱ।

পুৱাৰ ভাগত একেলগে ৫০ খন পতাকা বৰণ্য ব্যক্তিৰে উত্তোলন কৰাৰ লগতে , স্মৃতি তৰ্পণেৰে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয় ।

ইয়াৰ পাছতেই এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰে।

বিহুতলীৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰা সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন প্ৰান্তৰ ৰাস প্ৰেমী ৰাইজ তথা সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰে । কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে তৈল নগৰী দুলীয়াজান চহৰ।

-মৃদুস্মিতা ফুকন, দুলীয়াজান

Leave A Reply