Breaking

ৰেডিচন ব্লুৰ স্বত্বাধিকাৰীৰ চৰম সিদ্ধান্ত…

0 74

লাহ- বিলাহৰ এটা জীৱন। অভাব নাছিল ধন সম্পত্তিৰ। ৰেডিচন ব্লুৰ দৰে পঞ্চতাৰকাযুক্ত হোটেলৰ স্বত্বাধিকাৰ আছিল তেওঁ। পিছে এই গৰাকী ধনাঢ্য ব্যক্তিৰ নাছিল মানসিক শান্তি। গাজিয়াবাদস্হিত ৰেডিচন ব্লুৰ স্বত্বাধিকাৰ অমিত জৈন। বয়স মাথো ৪৭ বছৰ।

সম্মুখত দীঘলীয়া পথ। দোপতদোপে উন্নতিৰ জখলাত বগোৱা অমিত জৈনৰ মানসিক অশান্তিৰ কথা পৰিয়ালৰ কোনো সদস্যই জনা নাছিল। জানিবনো কেনেকৈ। মন গ’লেই পৰিয়াল সহ উৰা মাৰিছিল বিদেশলৈ। কালি পৰিয়ালৰ সকলোৰে লগত পূৰ্বৰ দৰে হাঁহি- মাটি নিশা আহাৰ গ্ৰহন কৰি অমিত জৈন গৈছিল নিজৰ কোঠালৈ। মানসিক ভাবে ভাৰাক্ৰান্ত অমিত জৈনে লৈছিল কঠোৰ সিদ্ধান্ত। নিজকে গোপনে শেষ কৰি বাচি লৈছিল আত্মহত্যাৰ পথ।

ইতিমধ্য ঘটনাস্হলীত আৰক্ষী উপস্হিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে জৈনৰ। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে সদৰি কৰা মতে জৈনে ৩০০ কোটি টকাৰ ধাৰত ডুব গৈছিল। সন্দেহ কৰামতে কোটি কোটি টকাৰ ধাৰত ডুব যোৱা ব্যৱসায়ী গৰাকী ভুগিছিল মানসিক দুচিন্তাত। অবশ্যে আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ অন্ততহে জৈনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

Leave A Reply