Breaking

‘ৰাহুল বিয়া পাতা, বয়স এতিয়াও আছে’ লালু প্রসাদ যাদৱ…

0 74

‘ৰাহুল বিয়া কৰাই লোৱা, বয়স এতিয়াও আছে’ লালু প্রসাদ যাদৱ…! বিৰোধী দলসমূহৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰাৰ পাছত লালু প্রসাদ যাদৱে ৰাহুল গান্ধীক ভাৰত জোডো যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰশংসা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘তুমি আমাৰ পৰামৰ্শ নুশুনিলে, বিয়া নাপাতিলে। সময় এতিয়াও পাৰ হোৱা নাই। তুমি বিয়া কৰাই লোৱা, আমি তোমাৰ বিয়া শোভাযাত্ৰালৈ যাম।’ পাটনাত বিৰোধী দলৰ বৈঠক বহু দলৰ ৩০ গৰাকী নেতাই অংশগ্ৰহণ কৰে। প্ৰতিখন ৰাজ্যতে বিৰোধী নেতাসকলে বেলেগ বেলেগ কাম কৰিব লাগে বুলি সিদ্ধান্ত লোৱা হয়। এতিয়া ১০-১২ জুলাইত শিমলাত অনুষ্ঠিত হ’ব ৰাউণ্ড-২। কিন্তু জাতীয় বিষয়ৰ আলোচনাৰ মাজতে এই বৈঠকত হাঁহি-ধেমালিৰো দেখা গ’ল। শুকুৰবাৰে লালু প্ৰসাদে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক কৈছিল তুমি বিয়া কৰা লোৱা, আমি বিয়াৰ শোভাযাত্ৰালৈ যাম।’

ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ক’লে যে যদি আপুনি কৈছে তেন্তে বিয়া হ’ব। বিৰোধী দলসমূহৰ বৈঠকৰ অন্তত লালুৱে সংবাদ মাধ্যমক সম্বোধন কৰাৰ পাছত ৰাহুল গান্ধীৰো ভাৰত জোডো যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰশংসা কৰে। শুকুৰবাৰে বিৰোধী দলৰ ১৫টা ৰাজনৈতিক দলৰ নেতাই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এক মাৰাথন বৈঠকত মিলিত হয়, য’ত সিদ্ধান্ত লোৱা হয় যে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ দল বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিব।বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্রী তেজস্বী যাদৱৰ আতিথ্যত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্রীৰ বাসগৃহ ‘১ আনে মাৰ্গ’ত অনুষ্ঠিত হয়, য’ত প্রায় ৩০জন বিৰোধী নেতাই অংশগ্রহণ কৰে৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কয়, ‘এয়া মতাদৰ্শৰ যুঁজ, আমি একেলগে থিয় দিওঁ, আমাৰ মাজত কিছু মতানৈক্য থাকিব পাৰে, কিন্তু আমি একেলগে কাম কৰিব লাগিব।’

Leave A Reply