ডিজিটেল ডেস্কঃ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানকে ধৰি কেবাটাও লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি শনিবাৰে আঞ্চলিক ৰাজনৈতিক দল “ৰাইজৰ দলে” দলীয় খচৰা সংবিধান মতামত আৰু বিতৰ্কৰ বাবে ৰাজহুৱা কৰে| সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাষ্কো ডি শইকীয়াই সংবিধানৰ বিশেষ বৈশিষ্ঠ আৰু আন দিশ তথা বিষয়বস্তুসমূহ প্ৰকাশ কৰে| সংবিধানৰ খনৰ প্ৰস্তাৱনা- “ভাৰতৰ সংবিধানৰ সমাজবাদী ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ আদৰ্শক সাৰোগত কৰি এক ঐক্যবদ্ধ শক্তিশালী আৰু সমৃদ্ধিশালী অসম গঢ়িবলৈ, অসমবাসীৰ জাতীয় আশা-আকাংক্ষাক সাকাৰ কৰিবলৈ তথা এখন উন্নত অসম গঢ়িবলৈ সংকল্প গ্ৰহণ কৰি আমি আমাৰ এই সংবিধান গ্ৰহণ কৰিছো। বিভিন্ন জাতি, জনগোষ্ঠীৰ, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰি প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ আৰু অসমীয়া জাতিৰ সামুহিক জাতীয় সপোনক বাস্তৱ ৰূপ দিবলৈ এই দল গঠন কৰা হৈছে। ৰাজ্যখনৰ সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধ পৰিকৰ। সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, ভাষা-ভাষীৰ সম-মৰ্যাদা, সম-অধিকাৰ, সম-বিকাশৰ প্ৰতিশ্ৰুতিৰে আমি এই দল গঠন কৰিছো।” মুখ্য আহ্বায়ক গৰাকীয়ে জনোৱা অনুসৰি ‘ৰাইজৰ দল’ৰ প্ৰতীক অসমৰ ৰাইজৰ পৰামৰ্শ আৰু মতামতৰ ভিত্তিত নিশ্চিত কৰা হ’ব। সংবিধানখনত ২২ টা অনুচ্ছেদ আছে।
Breaking
- বঙাইগাঁৱত আছুই দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি
- বিজেপি চৰকাৰে আদানী,আম্বানী আৰু অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ পক্ষতহে কাম কৰি আহিছে !
- মৰিগাঁৱত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সংবাদ মেল
- হোজাইত জিলা প্ৰশাসনৰ ভূমিহীন খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান অনুষ্ঠান
- লাহোৱাল শিক্ষাখণ্ডৰ উদ্যোগত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ ক্ৰিকেট টুৰ্ণামেণ্ট সম্পন্ন
- চৰকাৰী কৰ্মচাৰীৰ বাবে গ্ৰেচুইটি প্ৰদানত চৰকাৰক কৃতজ্ঞতা এন পি এছ কৰ্মচাৰী সন্থাৰ
- মাজুলীত কংগ্ৰেছৰ চাইকেল ৰেলী
- কবি শংকুসিদ্ধ নাথৰ কাব্যগ্ৰন্থ ‘এদিন সময়বোৰ আমাৰ হ’ব’ উন্মোচন
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত শিৱসাগৰত দিয়া ভাষনৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ
- শ্ৰীৰামপুৰত সহস্ৰাধিক বি জে পিত যোগদান