Breaking

বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ লক্ষ্যৰে RAINDROPS INITIATIVE ASSAM ৰ ব্যতিক্ৰমী পদক্ষেপ…

0 124

বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ লক্ষ্যৰে RAINDROPS INITIATIVE ASSAM ৰ ব্যতিক্ৰমী পদক্ষেপ।

এখন সেউজ পৃথিৱী আৰু সুস্থ সমাজৰ বাবে সেউজ অসম চাইকেল যাত্ৰা পাঁচ গৰাকী যুৱকৰ মিছন এক লাখ চাকৰি এক লাখ গছপুলি ৰোপণ।

ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰস্থিত ৰত্নপীঠ মহাবিদ্যালয়ৰ পৰা শনিবাৰে আৰাম্ভ হয় এই যাত্ৰা।

এই যাত্ৰা ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, নলবাৰী, বাইহাটা, মঙ্গলদৈ, ৰৌতা, তেজপুৰ, নগাঁও হৈ হোজাইত সমাপ্ত কৰিব বুলি জানিবলৈ দিয়ে।

এই ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লৈ আৰম্ভণী কাৰ্যসূচীত উপস্থিত থাকে ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ হেদায়উৎল্লাহ, আৰু অধ্যাপক অধ্যাপিকা সকল।

যত RAINDROPS INITIATIVE ASSAM ৰ তৰফৰ পৰা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা সকলক এজোপা কৈ গছ-পুলি বিতৰণ কৰে।

Leave A Reply