Breaking

ৰাজ্যত পুনৰ সংগঠিত বোৱাৰী হত্যাৰ ঘটনা

0 1,033

ধুবুৰী জিলাৰ চাপৰত সংগঠিত হৈছে এক লোমহর্ষক হত্যা কাণ্ড । চাপৰ থানাৰ অন্তৰ্গত তথা শালকোচা আৰক্ষী চকীৰ অধিনস্ত ধীৰঘাট মাৰৰোৱাৰ টিলাত সংঘটিত হয় এই জঘন্য হত্যা কাণ্ড । অভিযোগ মৰ্মে যোৱা ২৭ ডিচেম্বৰত স্বামী আমিনুল ইছলাম, জেচমিনা খাতুন, শহুৱেক আনছেৰ আলী, শাহুৱেক জমিৰণ নেছা আৰু ৰহিমা খাতুনে আজিদা বেগমক এটি বন্ধ কোঠালিত সোমোৱাই বাহিৰৰ পৰা তলা লগাই জুই লগাই দিয়ে। পিছত আজিদা বেগমৰ মৰণ কাতৰ চিঞৰত ওচৰ চুবুৰীয়া অহাত উল্লেখিত স্বামীৰ পৰিয়ালে ৰাইজৰ সন্মুখত আজিদা বেগমক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। 

ইপিনে আজিদা বেগমৰ চিকিৎসাৰ নামত স্বামীৰ পৰিয়ালে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত কৰি ঘৰত আবদ্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে চতুৰ স্বামীৰ পৰিয়ালে আজিদা বেগমৰ শাৰীৰিক অবস্হাৰ অবনতি দেখি কৌশলগত ভাবে দাবি ধমকিৰে আজিদা বেগমক মুমৰ্ষ অৱস্থাত নিজৰ পিতৃৰ ঘৰত থৈ যায়। মাজ নিশা ১২:৩০বজাত আজিদা বেগমে মৃত্যুক আঁকোৱালি লয়। ইপিনে আজিদা বেগমৰ পিতৃয়ে ন্যায় বিচাৰি চাপৰ থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave A Reply