Breaking

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : মঙলবাৰ পৰ্যন্ত কোনো ব্যৱস্থা ল’ব নোৱাৰিব শচীন পাইলট-অনুগামীৰ বিৰুদ্ধে ৷

0 1,058

দৈনন্দিন বাৰ্তা ডেস্ক :

মঙলবাৰ পৰ্যন্ত শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব ৷ এই কথা শুকুৰবাৰে জনালে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷ ‘‌দলবিৰোধী কাম’‌ৰ অভিযোগত পাইলট আৰু তেওঁৰ সংগীৰ বিধায়ক পদ খাৰিজ কৰাক লৈ কংগ্ৰেছ আৰু পাইলট শিবিৰৰ মাজত আইনি যুদ্ধ তুংগত উঠিছে৷ শচীন পাইলট আৰু তেওঁৰ অনুগামীসকলক বিধানসভা সদস্য পদ খাৰিজৰ জাননী দিছিল অধ্যক্ষই ৷ সেই জাননীৰ বিৰুদ্ধে আদালতত আবেদন দাখিল কৰে শচীন পাইলটে ৷ আবেদনখন লৰালৰিকৈ লিখাত বহু ভুলভ্ৰান্তি আছিল৷ হৰিশ ছালভেৰ আৰ্জিৰ ভিত্তিত বৃহস্পতিবাৰৰ ৰায়ত পাইলট শিবিৰক নতুন আবেদন জমা দিবলৈ সময় দিয়ে উচ্চ ন্যায়ালয়ে ৷ তাৎপর্যপূর্ণ যে পাইলট শিবিৰৰ পক্ষে গোচৰ চলাইছে বিজেপিৰ দুই ঘনিষ্ঠ অধিবক্তা মুকুল ৰোহতগি আৰু হৰিশ ছালভেয়ে৷ দুয়োজন বিজেপি আমোলাৰ অধিবক্তা আছিল ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পক্ষত গোচৰটো চলাইছে কংগ্ৰেছ নেতা মন সিংভিয়ে ৷ শুকুৰবাৰে অধিবক্তা হৰিশ ছালভেয়ে কয় যে এজন বিধায়ক যিজনে তেওঁৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে মুখ খুলিছে আৰু হাইকমাণ্ডক বিষয়টো জনাবলৈ চেষ্টা কৰিছে, সেইটো তেওঁৰ বাক স্বাধীনতা৷ বিদ্ৰোহ নহয় ৷ যদি চৰকাৰ পতন নিয়াবলৈ চেষ্টা কৰিছে তেনেহ’লে সেইটো দোষ হ’ব, কিন্তু দলৰ মাজত এজন দুৰ্নীতিগ্ৰস্থ মুখ্যমন্ত্ৰীক বিৰোধিতা কৰাৰ স্বাধীনতা অৱশ্যে আছে৷ বিধানসভাৰ সদস্য পদ খাৰিজ কৰা জাননী সম্পূৰ্ণ বেআইনী৷ নিজৰ বক্তব্য দিবৰ বাবে তেওঁক তিনিদিন সময় দিছে কংগ্ৰেছ শিবিৰে ৷ সিই অনুমতি দিছে আদালতে৷ সেয়ে এই তিনিদিন শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাযাব৷ এই কথা আদালতে পৰিষ্কাৰ কৰি দিছে ৷

Leave A Reply