Breaking

অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী মধুপুৰত পদশিল্পৰ ৰজনজনীঃ গ্ৰামাঞ্চললৈ এম চিয়ে আনিছে ফুটবলৰ জোৱাৰ

0 1,670

ফুটবল, ফুটবল খেল মানেই উত্তেজনা, শিহৰণ, আক্ৰমণ-প্ৰত্যাক্ৰমণ, দুভৰিৰ ক’লা-কৌশলৰ মহাৰণ ৷ আকৰ্ষণ, প্ৰতিপলে প্ৰতিপক্ষৰ মাজত তীব্ৰস্নায়ু যুঁজ ৷ যাৰ অন্য নাম পদশিল্প ৷  পদশিল্পৰ এনে কঠিন অথচ নান্দনিক ক’লাৰ বাবে সমগ্ৰ বিশ্ব ফুটবলৰ বাবে চমকিত, উৎসাহিত আৰু বিশ্ব ক্ৰীড়াৰ সৰ্বোত্তম ৷ ফুটবলৰ এনে জনপ্ৰিয়তাৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদ চমুকৈ এম এ চিয়ে মিচিং অধ্যুষিত অঞ্চলত ফুটবলৰ জোৱাৰ আনিবলৈ দীৰ্ঘদিন ধৰি  প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এম এ চিয়ে গ্ৰামাঞ্চলৰ ফুটবল খেলুৱৈ সকলক বুটলি আনি ইতিমধ্যে এটি ফুটবল দলো তৈয়াৰ কৰিছে আৰু বিভিন্ন প্ৰতযোগিতাত অংশগ্ৰহণ কৰি সফলতাও লাভ কৰিছে ৷ এম এ চিৰ এনে দীঘলীয়া পৰিকল্পনা অনুযায়ী এইবাৰ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে ফুটবল প্ৰশিক্ষণ শিবিৰৰ দিশা কৰিছে আৰু এই যাত্ৰা আৰম্ভ হৈছে  এম  এ চিৰ ১৬ নং নলবাৰী  পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী  মধুপুৰ খেলপথাৰত ৷ ফুটবল প্ৰশিক্ষণ শিবিৰ ২৫ জুলাইৰ পৰা আৰম্ভ হৈছে আৰু শ শ তৰুণ-তৰণীয়ে আনিছে নতুন আশা, নতুন গতি ৷ ধেমাজি জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ মিংমাং পাহাৰৰ নিৰিবিলি পৰিৱেশ উখল-মাখল কৰি শৃংখলিত ছন্দত মধুপুৰ খেলপথাৰলৈ  নামি আহিছে পদশিল্পৰ কঠিন তথা নান্দনিক জোৱাৰ ৷ এম   এ চিৰ ক্ৰীড়া বিভাগৰ পূঁজিৰে অনুষ্ঠিত কৰা উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষাৰ্থী সকলক  সম্পূৰ্ণ বিনামুলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যবস্থা কৰা হৈছে ৷ আজি  এম এ চিৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ তেওঁ জনোৱা মতে এই প্ৰশিক্ষণ শিবিৰৰ বাবে ২৫  লাখ টকা এম এ চি য়ে পূঁজি ধাৰ্য কৰিছে আৰু অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চলত প্ৰশিক্ষণটো হোৱাত দুয়োখন ৰাজ্যৰ খেলুৱৈয়ে প্ৰশিক্ষণ ল’বলৈ সুবিধা লাভ কৰিছে ৷ মুঠ আঠশ প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা শিবিৰটোত ৰাষ্ট্ৰীয় এথ্লেটিক প্ৰশিক্ষক গেৰেমছা দৈমাৰী আৰু সুদক্ষ ফুটবল খেলুৱৈ মাৰাড’না বসুমতাৰীয়ে প্ৰশিক্ষণ দি আছে ৷ গেৰেমছা দৈমাৰীয়ে গ্ৰামাঞ্চলৰ খেলুৱৈ সকলৰ উৎসাহ দেখি খেলপথাৰখনত ফুটবলৰ লগতে এথ্লেটিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিব আমাক জনাইছে ৷

Leave A Reply