Breaking

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাখী বন্ধন পালন

0 1,241

উজনি-মাজুলী : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ.ভি.বি.পি.ৰ মাজুলী জিলাৰ কাৰ্যকৰ্তাসকলে পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা মাজুলীত কৰ্মৰত ক’ৰণা যোদ্ধা তথা সমাজৰ গণ্যমান্য ব্যক্তিসকলক ৰাখী পিন্ধাই ভাতৃত্ব আৰু একতাৰ নিদৰ্শন দাঙি ধৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাজুলী জিলাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি সোণোৱালৰ নেতৃত্বত যোৱা দলটিত জনজাতি ছাত্ৰ প্ৰমুখ ভাইটি নৰহ জিলা প্ৰমুখ মাধুৰ্য পাতিৰ, বিদ্যাৰ্থী সম্পৰ্ক প্ৰমুখ ভাৰ্গব প্ৰতিম বৰুৱাৰ লগতে বিদ্যাৰ্থী পৰিষদৰ সমূহ কাৰ্যকৰ্তা উপস্থিত থাকে।

Leave A Reply