Breaking

পুলিন দাস সোঁৱৰণী ক্ৰীড়া কুইজত ৰক্তিম আৰু মৃদুল শ্ৰেষ্ঠ

0 33

গুৱাহাটী – ষষ্ঠ বাৰ্ষিক পুলিন দাস সোঁৱৰণী প্ৰাইজমানী ক্ৰীড়া কুইজ প্ৰতিযোগিতাত ৰক্টিম ৰঞ্জন বৈশ্য আৰু মৃদুল ৰাম কলিতাৰ যুটিয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। গুৱাহাটী টেনিছ সন্থাৰ উদ্যোগত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ২৬ নৱেম্বৰত আয়োজন কৰা প্ৰতিযোগিতাত চন্দন দেওৰা আৰু দিপাঞ্জন দেৱৰ যুটিয়ে দ্বিতীয় আৰু সন্দিপন পাঠক আৰু নয়নজ্যোতি মেধিৰ যুটিয়ে তৃতীয় স্থান লাভ কৰে।

প্ৰতিযোগিতাখন পৰিচালনা কৰে খ্যাতনামা কুইজ মাষ্টাৰ দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই।মুঠ ২২ টা দলে অংশগ্ৰহণ কৰা ক্ৰীড়া কুইজ প্ৰতিযোগিতাখনৰ ফাইনেলত মুঠ ৬ টা দলে প্ৰৱেশ কৰে। ফাইনেলত মুঠতে আঠটা ৰাউণ্ডত কুইজ অনুষ্ঠিত হয়।

প্ৰতিযোগীতাৰ শীৰ্ষ তিনিটা দলক ক্ৰমে ১২ হেজাৰ, ৮ হেজাৰ আৰু ৬ হেজাৰ টকাৰে পুৰস্কৃত কৰা হয়। চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰা দলকেইটাক দুই হেজাৰ টকাৰে পুৰস্কৃত কৰা হয়। এই প্ৰতিযোগিতাত ভাগ লোৱা দৰ্শকেও বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

এই প্ৰতিযোগিতাখনি প্ৰাইড-ইষ্ট এন্টাৰটেইমেন্ট প্ৰাইভেট লিমিটেড আৰু ওমেগাঁ চিকিউৰিটি ছলিউচনে স্পনছৰ কৰে।প্ৰতিযোগীতাৰ সামৰণি অনুষ্ঠানত গুৱাহাটী টেনিছ সন্থাৰ কাৰ্যকৰী সভাপতি ড০ মাধুৰ্য হাজৰিকাই নিমন্ত্ৰিত অতিথিসকলক আদৰণি জনায়।

অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা, সদৌ অসম ক্ৰীড়া‌ সাংবাদিক সন্থাৰ সভাপতি সুবোধমল্ল বৰুৱা, ওমেগা চিকিউৰিটি চলিউচনৰ পৰিচলন সঞ্চালক ধীৰাজ দত্ত, ক্ৰীড়া সংগঠক পুলক গোস্বামী, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ মুকুট দাস আৰু সমাজ সেৱক ৰাজা কাকতিক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰতিযোগীতাৰ উদ্বোধনী সমাৰোহৰ বন্তি প্ৰজ্বলন কৰি মহান ক্ৰীড়া সংগঠক ক্ৰীড়া মহিৰূহ পূলিন দাসলৈ শ্ৰদ্ধাঞ্জলি জনায় গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাসে।

Leave A Reply