Breaking

ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…

0 12


নাজিৰাৰ ঐতিহাসিক ৰমণী আলিক যাতায়াতত ৰাইজে ভোগিছে যমৰ যান্ত্ৰনা । নাজিৰা মহকুমাৰ অসম – নাগালেণ্ড সীমান্তৱৰ্তী শিমলুগুৰি – নাগালেণ্ড সংযোগী ঐতিহাসিক ৰমণী আলি বিগত তিনি বছৰে বি আৰ অ’ য়ে নিৰ্মাণ কৰিব পৰা নাই ১২ কিলোমিটাৰ দৈঘ্যৰ এই পথটো ।

ৰাস্তা টো সম্প্ৰতি চৰকাৰী মীনপাম সদৃশ দ’ দ’ গাত সৃষ্টি হৈ যাতায়াতৰ ক্ষেত্ৰত জনগণে যমৰ যান্ত্ৰণা ভোগ কৰি আহিছে । শৈল নগৰী বিহুবৰৰ শিলৰ কুৱেৰিৰ পৰা শিল খনন কৰি বছৰি কোটি কোটি টকা ৰাজহ আহৰণ কৰি অহাৰ পিছতো চৰকাৰী বিভাগীয় কৰ্তৃপক্ষৰ জৰাজীৰ্ণ পথটো পুনৰ নিৰ্মাণৰ বাবে চকু মেলি চাবলৈও আহৰি পোৱা নাই ।

ভুক্তভোগী জনগণে পথটো নিৰ্মাণৰ দাবীত সঘনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও চৰকাৰী কৰ্তৃপক্ষৰ চকু মেল খুৱাব পৰা নাই । পথটোয়েদি সৰবৰাহ কৰা শিল ব্যৱসায়ৰ পৰা কোটি কোটি টকা ৰাজহ পোৱাৰ পিছতো ঠায়ে ঠায়ে মীনপাম সদৃশ পথটো নিৰ্মাণ কৰিবলৈ কোনো আচঁনি লোৱা পৰিলক্ষিত হোৱা নাই । যাৰ বাবে ৰাইজে পুনৰ ঐতিহাসিক ৰমণী আলিত ডাং মাৰি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ।

Leave A Reply