Breaking

ৰঙিয়া আৰক্ষীয়ে আটক কৰে দুজন ভুৱা সেনাক…

0 90

ৰঙিয়াত দুজন ভুৱা সেনা আটক ।

যোৱা নিশা ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া গজৰাজ চোৰাংচোৱাৰ পৰা লাভ কৰা এক তথ্যৰ ভিত্তিত এখন বাহনত তালাচী চলাই । তথ্য অনুসৰি মাৰুটি বলে’ন বাহন এখনত দুজন ভুৱা সেনা গৈ আছিল ।

আৰক্ষীয়ে গাড়ী খনত থকা দুজন লোকক আটক কৰে আৰু দুয়োকে তালাচী চলাই । আটক কৰা লোক দুজন হৈছে মটিউৰ ৰহমান আৰু আব্দুছ চামাদ । দুয়োজনৰে ঘৰ চিপাঝাৰত বুলি জানিব দিয়ে আৰক্ষীয়ে ।

লগতে আৰক্ষীয়ে তালাচী চলাই দুয়োজনৰে পৰা এখন ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰে । মটিউৰ ৰহমান লোক জনে নিজকে ভাৰতীয় সেনা বাহিনীৰ লেফতেনেন্ট বুলি পৰিচয় দি আহিছিল । আৰক্ষীয়ে জানিব দিয়ে যে দুয়োজন লোকে বিভিন্ন লোকৰ পৰা সেনা বাহিনীত চাকৰি দিম বুলি টকা সংগ্ৰহ কৰিছিল ।

Leave A Reply