Breaking

ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত ৰঙিয়া আৰক্ষীয়ে দুখন বিলাসী বাহনত তালাচী চলাই ২৫ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম…

0 55

বিলাসী বাহনত সৰবৰাহ কৰিছিল বাৰ্মিজ চুপাৰি ,ৰঙিয়া আৰক্ষীৰ জালত 4 সৰবৰাহকাৰী । ৰাজ্যত বাৰ্মিজ চুপাৰি ব্যৱসায়ীয়ে দৈনিক ন ন কৌশল অৱলম্বন কৰিছে বাৰ্মিজ চুপাৰি সৰবৰাহত।

নিশা ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত ৰঙিয়া আৰক্ষীয়ে দুখন বিলাসী বাহনত তালাচী চলাই ২৫ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ৷ এখন মহিন্দ্ৰা স্কৰপিও আৰু জাইলো বাহনেৰে সৰবৰাহ কৰিছিল ২৫ বস্তা বাৰ্মিজ চুপাৰি ৷

আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নম্বৰ হল AS 01 AD 0333 আৰু AS 19 D 7473. 25 বস্তাত জব্দ কৰা 1215 কেজি 300 গ্ৰাম বাৰ্মিজ চুপাৰিখিনিৰ আনুমানিক বজাৰ মুল্য 4 লাখ টকা হব বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীয়ে বাৰ্মিজ চুপাৰি সহ ৪ জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন সৰবৰাহ কেইজন হল চিৰাং জিলাৰ বিজনীৰ জাকীৰ হুছেইন আৰু ফৰিদ আলম, ঢালিগাওঁৰ নাজিৰ শ্বেখ আৰু বঙাইগাঁও জিলাৰ মাণিকপুৰ নুৰুল হক ৷

Leave A Reply