Breaking

ৰঙিয়া আৰক্ষীৰ সফলতা,নাগালেণ্ড মণিপুৰ সীমান্তত উদ্ধাৰ ৰঙিয়াৰ চুৰি গাড়ী

0 2,038

কিছুদিন পূৰ্বে ৰঙিয়াৰ মাদৈকাটা অঞ্চলৰ মোস্তাফা নামৰ যুৱক এজনৰ এএছ-২৫-চিচি-৭৪৮১ নম্বৰৰ  বʼলেৰো পিক আপ বাহন এখন যোৱা ২৫ মেত গুৱাহাটী উজান বজাৰৰ বৃহৎ গাড়ী চুৰি চক্ৰৰ মূল নায়ক তথা মাষ্টাৰ মাইণ্ড সঞ্জীৱ সিঙে অতি কৌশলেৰে নʼটাৰী আদালতত চুক্তিপত্ৰ এখন বনাই পৰৱৰ্তী পৰ্যায়ত মণিপুৰৰ অন্য এটা গাড়ী চুৰি চক্ৰক গতাই ।এই কথা জানিবপাৰি মোস্তাফাই থানাৰ লগত যোগাযোগ কৰে । ৰঙিয়া আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি এইচক্ৰটোৰ লগত জড়িত চাৰিজনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ পঠাইছে ,আৰু ইয়াৰেই বিকাশ গগৈ নামৰ ব্যক্তিজনৰ স্বিকাৰোক্তিৰ ভিত্তিত দেওবাৰে নিশা ১২বজাত মণিপুৰ-নাগালেণ্ড সীমান্তৰ কʼহিমা পথত অভিযান চলাই গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তুআচৰ্যজনক ভাবে চতুৰ সঞ্জয় সিঙ পুনৰ পলাই সাৰিবলৈ সক্ষম হয় । পলাতক সঞ্জয় সিঙে ওলোটাই গাড়ীখনৰ গৰাকী মোস্তাফা নামৰ যুৱক জনক ২०হাজাৰ টকা দিলে গাড়ীখনৰ খবৰ দিম বুলি কৈ ধমক দিছিল । ‌‌‌‌উল্লেখযোগ্যযে অসম আৰক্ষীৰ শিৰ্ষ বিষয়াৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা আৰক্ষী বিষয়াৰ সহযোগত ৰঙিয়া থানাৰ এটি দলে এই অভিযান চলাই গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।অতিশিঘ্ৰেই মাষ্টাৰমাইণ্ড সঞ্জয় সিঙক আটক কৰিব পৰা যাব বুলিও প্ৰকাশ কৰে আৰক্ষীয়ে 

Leave A Reply