Breaking

দুৰ্লভ গগৈ, তিক্ষেশ্বৰ গোঁহাই, ঋতুপৰ্ণ পেগুক ফিল’বাৰীত গোৰ্খা ছাত্র সন্থাৰ শ্ৰদ্ধাঞ্জলি : ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচী, পত্নীক সংস্থাপন, সন্তানৰ সম্পূৰ্ণ দায়িত্ব ল’বলৈ দাবী ।

0 596

দৈনন্দিন বাৰ্তা:

সোমবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ ফিল’বাৰীত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিৰ উদ্যোগত সন্থাৰ কাৰ্য্যালয়ত বাঘজান গেছ কূপত বিস্ফোৰণ ঘটি ১৪ দিনৰ পিছত সূত্রপাত ঘটা অগ্নিকাণ্ডৰ পৰা বচাবলৈ গৈ অকালতে মৃত্যুক সাৱটি লোৱা  তিখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ লগতে গুৱাহাটীত ঘাটকৰ হাতত প্ৰাণ হেৰুৱা ঋতুপৰ্ণ পেগুৰ আত্মাৰ শান্তি আৰু সদ্গতি লাভৰ উদ্দেশ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তিনিওজনৰে স্মৃতিত দুশ গছি বন্তি জ্বলোৱাৰ লগতে প্ৰতিচ্ছবিত পুষ্পাৰ্পন অনুষ্ঠানটোৰ আঁত ধৰে গোর্খা ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিৰ উপসভাপতি মাধৱ উপাধ্যায়ে। গোৰ্খা ছাত্ৰ সন্থা ফিল’বাৰী আঞ্চলিক সমিতিয়ে তিনিচুকীয়া বাঘজানৰ বিজিআৰ ৫ নং গেছ কূপ বিস্ফোৰণ হোৱাৰ পিছত  ১৪ দিনৰ দিনা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা সমগ্ৰ ঘটনাটোত অইল ইণ্ডিয়া লিমিটেডক তীব্ৰ বিৰোধীতা কৰাৰ লগতে যি সকল লোকে ঘটনাটোৰ ফলত অঞ্চলটোৰ বিভিন্ন শিবিৰত বসবাস কৰি আছে সেইসকল ব্যক্তিক উচিত ন্যায় দিবলৈ দাবী  জনাইছে। অন্যহাতে ৰাজধানী মহানগৰ গুৱাহাটীৰ নুনমাটিৰ মাজমজিয়াত খিলঞ্জীয়া ভুমিপুত্র ঋতুপৰ্ণ পেগুক যি কেইগৰাকী দুস্কৃতীকাৰীয়ে নৃশংসভাৱে হত্যা কৰিলে  সেইসকল দুস্কৃতীকাৰিক  ফাঁচী, ঋতুপৰ্ণ পেগুৰ  পত্নীক সংস্থাপন, ৯ মহিয়া পুত্ৰ সন্তানৰ সকলো দায়িত্ব লবলৈ চৰকাৰক দাবী জনাইছে। আনলক ১ ৰ সকলো নীতি নিৰ্দেশনা মানি ফিল’বাৰী আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ সভাপতি ঘনশ্যাম বিকি ছেত্ৰী আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰকাশ লিম্বু দ্বাৰা পৰিচালিত অনুষ্ঠানটিত উপস্থিত থাকে গোর্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক পত্ৰিকা লিম্বু, মংগল লিম্বু, ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থা, ফিল’বাৰী আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থা ফিল’বাৰী আঞ্চলিক সমিতি, ফিল’বাৰী আঞ্চলিক আছা, ফিল’বাৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাকে ধৰি বহু কেইটা জাতীয় জনগোষ্ঠীয় ছাত্ৰ যুৱ সংগঠনৰ বিষয়ববীয়াৰ লগতে অঞ্চলটোৰ  ৰাইজে অংশগ্ৰহণ কৰে।

Leave A Reply