Breaking

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত বিৰল বগা হৰিণ

0 549

সততে আমি দেখা পহুৰ দেহৰ ৰং কেনেকুৱা, তাক দুনাই কোৱা প্ৰয়োজনেইবা ক’ত? কিন্তু পহুৰ দেহৰ ৰং বেলেগো হ’ব পাৰে সেইয় আমাৰ কল্পনাৰ অগোচৰ। এনে অকল্পনীয় ঘটনাৰ কেতিয়া সাক্ষী হ’বলগীয়া হয়, তাৰ কোনো নিশ্চয়তা নাথাকে।
মানুহৰ জল্পনা-কল্পনাৰ অন্ত পেলাই প্ৰকৃতি আগবাঢ়ে সন্তৰপৰ্ণে। কোনেও নভৱা-নিচিনা চমক দিবলৈ প্ৰতিক্ষণতে সাজু প্ৰকৃতি। তেনে এক বিৰল চমকৰ চিত্ৰ বন্দী হ’ল এগৰাকী প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত। এনে অকল্পনীয়, বিৰল ঘটনাৰ সাক্ষী হ’ল কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী, প্ৰকৃতিৰ ছবি তুলি ভালপোৱা এগৰাকী যুৱকৰ কেমেৰাত।
প্ৰকৃতিপ্ৰেমী যুৱকজনৰ কেমেৰাত বন্দী হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিৰল বগা হৰিণ। বিশ্ব ঐতিহ‍্য ক্ষেত্ৰৰূপে চিহ্নিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক আশ্চৰ্য‍্য বগা হৰিণৰ উপস্থিতিয়ে এতিয়া সামাজিক মাধ‍্যমত খলকনি তুলিছে।  ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভাগত দৃশ‍্যমান হোৱা বগা ৰঙৰ বিৰল হৰিণাই ৰাষ্ট্ৰীয় উদ্যানৰ এই নতুন প্ৰজাতিবিধক লৈ আৰু অধিক উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ আমগুৰি চাহ বাগিচাৰ বাৰ নম্বৰ লাইনৰ কাষৰীয়া বনভুমিত আন-আন হৰিণাৰ জাকৰ মাজতে আপোনমনে চৰি থকা এটি শুদ্ধ বগা হৰিণ ফটো বন্দী হৈছে প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত। কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী যুৱক জয়ন্ত কুমাৰ শৰ্মাৰ কেমেৰাত বন্দী হৈছিল এই বিৰল দৃশ‍্য।
কিছুদিন পূ্ৰ্বে কাজিৰঙাত বগা বাঘৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ মাজত খলকনি তোলাৰ পাছতে এইবাৰ আকৌ বগা হৰিণাৰ উপস্থিতিয়ে প্ৰাণীজগতৰ এক নতুন দিশ উন্মোচিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত। ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপতে দেখা পোৱা গৈছিল শুদ্ধ বগা বৰণৰ হৰিণটি৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা এই বগা হৰিণক লৈ চৰ্চিত হৈছে বিভিন্ন দিশ। উত্থাপিত হৈছে প্ৰশ্ন, ই হ’ব পাৰে নেকি বিশ্বৰ প্ৰাণীজগত তথা প্ৰাণীবিজ্ঞানৰ নৱতম সংযোজন৷ কিন্তু পৰিশিলীত অনুসন্ধান আৰু অধ্যয়নৰ জৰিয়তেহে উন্মোচিত হ’ব বগা হৰিণৰ ৰহস‍্য৷ উল্লেখ‍্য যে, ২০১০ চনৰ সময়তে ৰাষ্ট্ৰীয় উদ্যানখনত কম সময়ৰ বাবে প্ৰত্যক্ষ হৈছিল এই বিৰল বগা বাঘ৷
এই বিৰল ছবিখনৰ ফটোগ্ৰাফাৰ জয়ন্ত কুমাৰ শৰ্মাৰ মত,  প্ৰাণীবিজ্ঞানীসকলৰ মতে, বহু সময়ত বিভিন্ন কাৰণত জীন বা বংশগতিৰ পৰিৱৰ্তন বা আগতি জীনৰ বাবেও এই বৰণ সলনি হ’ব পাৰে হৰিণকে ধৰি আন আন বন্যপ্ৰাণীৰ। অৱশ্যে জীৱ জগতৰ নৱতম সংযোজনৰ কথাটোও একে আষাৰে নুই কৰিব নোৱাৰি ৷ প্ৰাণীবিজ্ঞানীসকলৰ ভাষাত ALBINO বা শ্বেত চৰ্মৰ প্ৰাণী বুলিও অভিহিত কৰিব পাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিলক্ষিত এই বগা হৰিণক।বংশগতি, জীনৰ পৰিৱৰ্তন বা আগতি জীনৰ উপস্থিতি যি কাৰণেই নহওক, এতিয়া এই বগা হৰিণা বা শ্বেত হৰিণাক লৈ উৎসাহ আৰু উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত। জীৱবিজ্ঞানৰ তালিকাত যদি এই ‘বগা হৰিণ’ নৱতম সংযোজন হিচাপে প্ৰমাণিত হয় তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হ’ব এই হৰিণৰ নৱতম আশ্ৰয়ভূমি।

Leave A Reply