Breaking

সমাজ কৰ্মী তুষাৰ পাললৈ “ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা”

0 1,099

মৰিয়নি  চেলেংহাটৰ এগৰাকী সমাজ কর্মী তথা শৰীৰ চৰ্চাবিদ  তুষাৰ পাললৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা । আপকুৰ সহযোগত পাঁচ বছৰো অধিক সময় ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে সজাগতা শিবিৰ অনুষ্ঠিত কৰি অহাৰ বাবে এই জন সমাজ  কৰ্মী তথা শৰীৰ চৰ্চা বিদলৈ আগবঢ়োৱা হৈছে এই সমাজ সেৱা ৰত্ন বঁটা ।২০১৬ চনৰ পৰা ড্ৰাগচৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি ধাৰাবাহিক ভাবে চলাই অহা এই জন সমাজ কর্মীয়ে ইতিমধ্যে পাঁচ তাকৈ বঁটা পাবলৈ সক্ষম  হোৱাৰ সমান্তৰাল ভাৱে এই বঁটা পাই তেওঁক কাম কৰাৰ প্ৰৱণতা অধিক জন্মিব বুলি জানিবলৈ দিয়ে । ২০১৯ চনত আম্বেদকাৰ বঁটা,২০২০ ত ইণ্ডিয়ান বুক অব ৰেকৰ্ডৰ পৰা মানৱতা বঁটা,ভাৰতীয় দলিত সাহিত্য একাডেমি বঁটা,বলমা আলোক যুৱ সংঘৰ ২০১৯ অনুপ্ৰেৰণা বঁটা আৰু এইবাৰ ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা ২০২১ পাবলৈ সক্ষম হৈছে।  সজাগতা মূলক চুটি ছবিও ডিজিটেল মাধ্যমত ক্ৰমে আতংক,যোদ্ধা, মৃত্যু দূত,আদি সম্প্ৰচাৰ কৰিছে ড্ৰাগছ ৰোধৰ সজাগতা সৃষ্টি কৰিছে। উল্লেখ যে যি সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি নৱ প্ৰজন্ম ধ্বংসৰ মুখলৈ যোৱাত উদ্ধাৰৰ চেষ্টাত ব্ৰতী এই গৰাকী শৰীৰ চৰ্চাবিদক বিভিন্ন দল সংগঠনে সন্মান প্ৰদান জনাইছে যদিও  মানৱ দৰদী  তুষাৰ পাল আজিও চৰকাৰী স্বীকৃতি পৰা বঞ্চিত।

Leave A Reply