Breaking

ৰাভা হাছং পৰিষদৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ মাজত চাইকেল বিতৰণ

0 1,116

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মাজজাখিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দুখীয়া ছাত্ৰীৰ মাজত ২৪ ফেব্ৰুৱাৰীত উপৰতলা কালী মন্দিৰ প্ৰাংগণত চাইকেল বিতৰণ কৰা হয়। চাইকেল বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে পৰিষদৰ সাধাৰণ সদস্য প্ৰবোধ কলিতাই। তেওঁ কয় যে পৰিষদীয় এলেকাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে পৰিষদে কাম কৰি আহিছে। ইয়াৰে অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত মাজজাখিলি পৰিষদীয় সমষ্টিৰ ৫১ গৰাকী ছাত্ৰীক চাইকেল বিতৰণ কৰে। 

উল্লেখযোগ্য যে ৰাভা হাচং পৰিষদৰ ৩৬ টা পৰিষদীয় সমষ্টিতেই হিতাধিকাৰীৰ তালিকাত বাচনি কৰা ছাত্ৰী সকলৰ মাজত চাইকেল বিতৰণ কৰা হয়। প্ৰবোধ কলিতাই কয় যে ইয়াৰ পিছৰ পৰ্যায়ত বাচনিকৃত ছাত্ৰ সকলক চাইকেল বিতৰণ কৰা হয়।

Leave A Reply