Breaking

কেঁচা চাহ পাতৰ মূল্য হ্ৰাস, খেতিয়কৰ ক্ষোভ : মুখ্যমন্ত্ৰী সাহায্য প্ৰদানৰ দাবী

0 151

টিংখাং

মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো লকডাউন বলবৎ কৰা হয়। এই সময়ছোৱাত বিভিন্ন কৃষি উদ্যোগ আদি বাণিজ্যত বিস্তৰ ক্ষতি সাধন হয়। বিশেষকৈ ৰাজ্যখনৰ অৰ্থনীতিত গুৰুপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বৃহৎ চাহ উদ্যোগৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কে যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লগা হয়। অৱশ্যে ৰাজ্যৰ চাহ উদ্যোগত ক্ষেত্ৰত চৰকাৰে লকডাউনৰ কিছু শিথিলতা অৱলম্বন কৰি উৎপাদনৰ কাম কাজত চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছৰে পৰা ৰাজ্যৰ বৃহৎ চাহ উদ্যোগৰ লগতে ক্ষুদ্ৰ চাহ বাগিচাসমূহত কাম কাজ আৰম্ভ হয়। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহ পাতৰ উচিত মূল্যৰ পৰা বঞ্চিত হোৱাত পুনৰ বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগা হৈছে। যাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত তীব্ৰ ক্ষোভ পৰিলক্ষিত হৈছে।ৰাজ্যখনৰ কেবা লাখো লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত ক্ষুদ্ৰ চাহ খেতিয়কসকলে লকডাউনৰ সময়ছোৱাত ক্ষতি হোৱাৰ বাবে চৰকাৰক সাহায্য প্ৰদানৰ বাবে দাবী উত্থাপন কৰি আহিছে। চৰকাৰে এই সন্দৰ্ভত অচিৰেই এক সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।উল্লেখ্য যে কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ অন্যতম ক্ষুদ্ৰ চাহ বাগিচাৰে পৰিৱেষ্টিত টিংখাঙৰ খেতিয়কসকলৰ সৈতে সমষ্টিটোৰ বিধায়ক বিমল বড়াৰ সহযোগত টেলিফোন যোগে এক আলোচনাত মিলিত হৈ খেতিয়কসকলে সন্মুখীন হোৱা সমস্যাৰ বুজ লৈছিল। শেহতীয়াভাৱে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহ পাতৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাইছে। চলিত মাহত মাজভাগত কেঁচা চাহ পাতৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পাইছিল যদিও যোৱা দুদিনত যথেষ্ট হ্ৰাস পাইছে। জানিব পৰা মতে প্ৰতি কিল’গ্ৰাম কেঁচা চাহ পাতৰ মূল্য চাৰি পাঁচ টকাকৈ হ্ৰাস পাইছে।ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে। কেঁচা চাহ পাতৰ মূল্য হঠাতে হ্ৰাস পোৱাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।টিংখাং আঞ্চলিক সমিতিৰ উপদেষ্টা যোগেশ বিকাশ চেতিয়া সভাপতি সুবোধ কুমাৰ গগৈ আৰু সম্পাদক তপন চেলেঙে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰিবলৈ দাবী কৰিছে। জানিব পৰা মতে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহ পাত ক্ৰয় কৰা বাগিচা আৰু বটলিফ ফেক্টৰীৰ মালিকবিলাকে উন্নত মানযুক্ত পাত ক্ৰয়ৰ নামত মূল্য হ্ৰাস কৰি খেতিয়কক মাধমাৰ শোধাবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে বিগত সময়ছোৱাতো চাহ বণিক গোষ্ঠীয়ে মধ্যভোগী জৰিয়ত অতি কৌশলেৰে কেঁচা চাহ পাতৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস কৰি খেতিয়কক ৰাম টাঙোন শোধাই আহিছে।

Leave A Reply