Breaking

বাংলাদেশত ৩০০ বছৰীয়া কালী মন্দিৰৰ পুনৰ্নিমাণ আৰম্ভ ভাৰতৰ

0 1,253

দৈনন্দিন বাৰ্তা ডেস্ক : বাংলাদেশৰ উত্তৰাঞ্চলৰ নাটোৰে জিলাত অৱস্থিত ৩০০ বছৰ পুৰণি শ্ৰীশ্ৰী জয় কালী মাতাৰ মন্দিৰ সোমবাৰৰ পৰা ভাৰতে পুনৰ্নিমাণ আৰম্ভ কৰিছে ৷ এই মন্দিৰৰ পুনৰ্নিমাণ কাৰ্য ভাৰতীয় সাহায্যত ৯৭ লাখ বাংলাদেশী টকাত আৰম্ভ কৰা হৈছে আৰু মন্দিৰটোত মুঠ ১.৩৩ কোটি বাংলাদেশী টকা উচ্চ প্রভাৱ সম্প্রদায় উন্নয়ন প্রকল্প (এইচআইচিডিপি)ৰ অধীনত ভাৰতে সম্পূৰ্ণ কৰাৰ আঁচনি লৈছে ৷ এই পুনৰ্নিমাণ কাৰ্য উদ্বোধন কৰে বাংলাদেশৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী জুনায়েদ আহমেদ পলক, ভাৰতীয় উচ্চায়ুক্ত ৰিভা গাংগুলী দাস, সাংসদ ছফিকুল ইছলাম আৰু নাটোৰেৰ মেয়ৰ উমা চৌধুৰী জলীয়ে৷ উদ্বোধনী অনুষ্ঠানত বাংলাদেশৰ এই পুৰণি মন্দিৰটো ভাৰতে পুনৰ্নিমাণ কৰি দিব বুলি উল্লেখ কৰে৷ বাংলাদেশৰ ঐতিহ্য আৰু সংস্কৃতিত ভাৰতে সহযোগিতাৰে কাম কৰিব বুলি জনায়৷ উল্লেখ্য যে নাটোৰেৰ শ্ৰীশ্ৰী জয় কালী মাতাৰ মন্দিৰটো হ’ল এটা পৌৰাণিক মন্দিৰ৷ ১৮ শতিকাৰ আৰম্ভণিতে এই মন্দিৰটো নাটোৰেৰ ৰাণী ভবানীৰ দেৱান আৰু দীঘাপতি ৰাজকীয় পৰিয়ালৰ প্ৰতিষ্ঠাতা দয়াৰাম ৰয়ে নিৰ্মাণ কৰিছিল৷ এই মন্দিৰটোৰ চৌহদত ভগৱান শিৱৰ এটা মন্দিৰ আছে ৷ এই মন্দিৰত প্ৰতি বছৰে দুৰ্গা আৰু কালী পূজা আয়োজন কৰে৷ উল্লেখ্য যে সেই দেশখনত ভাৰতে ৰামকৃষ্ণ মন্দিৰ নিৰ্মাণৰ লগতে শ্ৰীশ্ৰী আনন্দময়ী কালী মাতা মন্দিৰৰ বাবেও পুঁজি যোগান ধৰিছিল ৷

Leave A Reply