তিনিদিনীয়া কাৰ্যসূচীৰে আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চৰ ৰূপালী জয়ন্তী মহোৎসৱৰ আয়োজন

বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত আনন্দপুৰ চ’কত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চই ইতিমধ্যে অতিক্ৰম কৰিলে পচিশটা বৰ্ষ ৷ এই উপলক্ষে অহা ১২, ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটিয়ে পালন কৰিব ৰূপালী জয়ন্তী মহোৎসৱ ৷ সেই উপলক্ষে প্ৰথম দিনা পুৱা আঞ্চলিক শ্ৰীমন্তশংকৰদেৱ কলামঞ্চ নামঘৰ পুৱা শৰাই স্থাপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হব ৷ ইয়াৰ পিচত নাম প্ৰসংগ, বৃক্ষৰোপন আৰু সম্বৰ্ধনা সভাৰ উপৰিও প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব ৷ নিশা নাগাৰা নাম প্ৰদৰ্শন ৷ সেইদৰে দ্বিতীয় দিনা পুৱা নাম প্ৰসংগেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ’ব ৷ ইয়াৰ পিচতে বাক্সা জিলা ভিত্তিত বৈকুন্ঠগামী কাহিৰাম কুমাৰ সোৱৰণী দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ নিশা অনুষ্ঠিত হ’ব সাংস্কৃতিক সমাৰোহ ৷ উদ্বোধন কৰিব বিজেপিৰ ৰাজ্যিক সদস্য কুমুদ দাসে ৷ শেষৰ দিনা পুৱা নাম প্ৰসংগৰ পিচতে পতাকা উত্তোলন কৰিব আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চৰ সভাপতি বাসৱ চন্দ্ৰ ঠাকুৰীয়াই ৷ ইয়াৰ পিচতে অনুষ্ঠিত হ’ব বাপেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ সদস্য ভূমিধৰ পাঠকে ৷ দিনৰ এঘাৰ বজাত বাসৱ চন্দ্ৰ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ বাক্সা জিলা সমিতিৰ সাহিত্য শাখাৰ সম্পাদক ডাঃ সমৰ তালুকদাৰে উদ্বোধন কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া, জিলা উপায়ুক্ত ৰঞ্জন শৰ্মা, বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি ৷ সেইদৰে সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা আৰু শিক্ষা শাখাৰ সম্পাদক মৃনাল কুমাৰ বৰা ৷ নিশা দৰদী কন্ঠ বিদ্যাসাগৰৰ সাংস্কৃতিক অনুষ্ঠান ৷ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ধমধমাৰ লুইত একাডেমীৰ সঞ্চালক মনোৰঞ্জন ভাগৱতীয়ে ৷ অনুষ্ঠানটোৰ সকলো কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে কলামঞ্চৰ সম্পাদক গোকুল ৰাজবংশী আৰু আদৰণি সমিতিৰ সম্পাদক গদাধৰ ৰাজবংশীয়ে ৷

Related Articles