Breaking

সম্পৰ্কঃ প্ৰেম, বন্ধুত্ব সম্পৰ্কত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো কি জানেনে…

0 36

সম্পৰ্ক এটা ৰীয়াই ৰখা অতি কঠিন! কিয়নো প্ৰকৃত প্ৰেম, সঁচা বন্ধুত্ব খুবেই দুৰ্লভ আজিকালি। খং, ক্ষোভ, ঈৰ্ষা, বিশ্বাসঘাটকতা আদিৰ মাজত সম্পৰ্ক এটা ৰক্ষা কৰাটো অতি কঠিন। কিন্তু তাৰ মাজতে ধৰি ৰাখিব লাগিব সম্পৰ্ক এটা। প্ৰতিজন ব্যক্তিয়ে এনে সম্পৰ্কত থকাৰ যোগ্য য’ত তেওঁ নিজৰ সংগীৰ পৰা সন্মান, মৰম আৰু বুজাবুজি লাভ কৰে। কিন্তু এনে সম্পৰ্কৰ বাবে সেই বিষাক্ত মানুহবোৰৰ পৰা নিজকে ৰক্ষা কৰাটো জৰুৰী। কোৱা হয় প্ৰেম অন্ধ, কিন্তু হৃদয় বিদাৰক হোৱাৰ পৰা হাত সাৰিবলৈ চকু মেলি সম্পৰ্কত খোজ দিয়াটো জৰুৰী। যাতে আপুনি আপোনাৰ সংগীক ভালদৰে বুজিব পাৰে, সম্পৰ্কটোৰ অভাৱবোৰ বিচাৰ কৰি, আগুৱাই যোৱাৰ অৰ্থই হ’ল সম্পৰ্ক। আচলতে প্ৰতিটো সম্পৰ্কৰ মূলমন্ত্ৰ বিশ্বাস।

প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সন্মান আৰু বুজাবুজি অতি গুৰুত্বপূৰ্ণ। যদি আপোনাৰ সংগীয়ে আপোনাৰ পছন্দ-অপছন্দক আওকাণ কৰে, সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ মতামতক গুৰুত্ব নিদিয়ে বা আপুনি কোৱা কথাবোৰক গুৰুত্বসহকাৰে লোৱা নাই, তেন্তে এই সম্পৰ্ক হয়তো বেছি দিন নিটিকিব।

সম্পৰ্কত অলপ ঈৰ্ষাৰ প্ৰয়োজন। কিন্তু যদি আপোনাৰ সংগীয়ে আপোনাৰ ওপৰত অত্যধিক চকু ৰাখে, আপোনাৰ বন্ধু-বান্ধৱীক লগ পোৱাত বাধা দিয়ে বা আপোনাৰ সাজ-পোছাকৰ ওপৰত মন্তব্য কৰে, তেন্তে আপুনি এজন বিষাক্ত ব্যক্তিৰ সৈতে আছে। সকলোকে নিজৰ ব্যক্তিগত স্থানৰ প্ৰয়োজন আৰু সম্পৰ্কত বিশ্বাস অতি গুৰুত্বপূৰ্ণ।

টকা-পইচা চাই বন্ধুত্ব স্থাপন কৰা নহয়। বন্ধু মনৰ পৰা হয়। যদি কোনোবাই আপোনাৰ টকা-পইচা চাই বন্ধুত্ব স্থাপন কৰিছে তেন্তে তেওঁ কেতিয়াও আপোনাৰ প্ৰকৃত বন্ধুত্ব হ’ব নোৱাৰে।

কোনো সম্পৰ্কত গালি-গালাজ, অসন্মানজনক আচৰণ সহ্য কৰিব নালাগে। বিশেষকৈ প্ৰেমত সন্মান আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি আপোনাৰ সংগীয়ে আপোনাক অপমান কৰে বা ভয় দেখুৱায়, তেন্তে এনে সম্পৰ্কৰ পৰা আঁতৰি থকাটোৱেই ভাল।

Leave A Reply