Breaking

অশীতিপৰ মহিলা তৰুলতা দেৱীৰ ‘এৰি অহা সময়’ উন্মোচন।

0 1,055

দিপীলা :  দৰঙৰ দিপীলাৰ আলিখাপাৰা গাঁৱৰ ধৰ্মপ্ৰাণা আৰু অশীতিপৰ মহিলা, সফল মাতৃ তৰুলতা দেৱীয়ে নিজৰ জীৱনৰ কিছু কথা সামৰি ৰচনা কৰা ‘ এৰি অহা সময়’ নামৰ গ্ৰন্থখনি আজি লেখিকাৰ নিজাঘৰত অনুষ্টুপীয়াকৈ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। লেখিকাৰ পুত্ৰ তথা শংকৰদেৱ শিশু নিকেতন, দিপীলাৰ প্ৰধান আচাৰ্য গোবিন্দ শৰ্মা বৰুৱাই আঁত ধৰা অনুষ্ঠানত লেখিকাৰ স্বামী, সুদক্ষ প্ৰধান শিক্ষক প্ৰয়াত জগৎ চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি নিবেদন কৰা হয়। সমূহীয়াভাবে গ্ৰন্থ খন উন্মোচন কৰে দিপীলাৰ প্ৰবীণ সমাজকৰ্মী, সাহিত্য সেৱী কালীচৰণ শৰ্মা, দিপীলা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা , সাহিত্য সেৱী অখিল ৰঞ্জন ভট্ট, সমাজকৰ্মী ক্ৰমে যতীন শৰ্মা আৰু চিন্তা ৰাম ডেকাই। শাৰীৰিকভাৱে অসুস্থ দেৱীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাগ লৈ কালীচৰণ শৰ্মাই তেওঁৰ প্ৰচেষ্টাৰ শলাগ লয়। আনহাতে আন এগৰাকী বক্তা অখিল ৰঞ্জন ভট্টই গ্ৰন্থ খনি দৰং আৰু কামৰূপৰ সামাজিক জীৱনৰ বাবে গুৰুত্বপূৰ্ণ এটি অধ্যায় হ’ব বুলি মন্তব্য কৰে। অনুষ্ঠানত লেখিকাৰ পুত্ৰ ক্ৰমে প্ৰবক্তা বিপিন শৰ্মা বৰুৱা আৰু সাংবাদিক ধীৰেন শৰ্মাই অতিথি সকলক আদৰণি জনায়।

Leave A Reply