Breaking

স্বস্তিঃ বিশ্বত ২১ শতাংশ হ্ৰাস পাইছে মাংকি পক্সৰ সংক্ৰমণ, আশংকা পিছে এতিয়াও হোৱা নাই দূৰ

0 1,558

বিশ্বত ২১ শতাংশ হ্ৰাস পাইছে মাংকি পক্সৰ সংক্ৰমণ।বৃহস্পতিবাৰে জাৰী কৰা বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি যোৱা সপ্তাহত বিশ্বব্যাপী মাঙ্কিপক্স ৰোগীৰ সংখ্যা ২১ শতাংশ হ্ৰাস পাইছে।ভাৰতকে ধৰি বিশ্বৰ ৯৮ খন দেশত এতিয়া কোভিডৰ সমান্তৰাল ভাবে মাংকি পক্সে এক নতুন বিপদ মাতি আনিছে। এই ৰোগ বিধ সোঁচৰাৰ এক অন্যতম কাৰণ হিচাবে যৌন সম্পৰ্ককে নিৰ্ধাৰণ কৰা হৈছে। শেহতীয়াকৈ নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ৯৫ শতাংশ মাংকি পক্সৰ সংক্ৰমণ যৌন কাৰ্যৰ জৰিয়তে হৈছে।শেহতীয়া গৱেষণাত দেখা গৈছে যে মাংকি পক্সত সংক্ৰমিত লোকৰ ৯৮ শতাংশ লোকেই হয় সমকামী বা উভকামী পুৰুষ। অধ্যয়নটো ৫২৮ জন সংক্ৰমিত লোকক লৈ চলোৱা হৈছিল।

এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ এডেনহোম ঘেব্ৰেয়েচাছে যিসকল পুৰুষৰ মাংকি পক্সৰ আশংকা আছে তেওঁলোকে যৌন সঙ্গীৰ সংখ্যা সীমিত কৰাৰ পৰামৰ্শ দিছিল। ৰোগ বিধৰ ভয়াৱহাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই মাংকি পক্সলৈ বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।জানিব পৰা গৈছে যে সংক্ৰমিত লোকৰ সৈতে বা নিজে সংক্ৰমিত হোৱা পুৰুষে যৌন সম্ভোগ কৰা বাবেই এই ৰোগ দ্ৰুত গতিত বিয়পিছে। মাংকি পক্স নামেৰে পৰিচিত এই ৰোগবিধ মূলতঃ যৌন সম্পৰ্কৰ জৰিয়তে বিয়পে যদিও ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ-কানিৰ পৰাও ৰোগ বিধ বিয়পাৰ আশংকা থকা বুলি স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) মতে, মাংকি পক্সৰ লক্ষণসমূহ হ’ল — জ্বৰ, পেশীৰ বিষ আৰু গ্ৰন্থি আদি ফুলা মাংকি পক্সত আক্ৰান্ত লোকৰ মুখ আৰু শৰীৰত চিকেন পক্সৰ দৰে চোকোৰা-চোকৰ গুটি ওলায়।যৌন সংক্ৰমণ আৰু তেজ-বাহিত সংক্ৰমণৰ জৰিয়তে মাংকি পক্সৰ বিস্তাৰ ঘটিব পাৰে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।


ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শিশু আৰু গৰ্ভৱতী মহিলাসকলে সতৰ্ক হৈ থকা উচিত বুলি বিশ্ব স্বাস্থ্য সংস্থাই সাৱধানবাণী শুনাইছে৷উল্লেখ্য যে বিশ্বত বৰ্তমানলৈকে ৯৮ খন দেশৰ বহু লোক মাংকি পক্সত আক্ৰান্ত হৈছে৷ মাংকি পক্সৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাই অহাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতিবেদনত শিশু আৰু গৰ্ভৱতী মহিলাকে ধৰি দুৰ্বল প্ৰতিৰোধ ক্ষমতাৰ লোকসকলৰ সংক্ৰমণৰ বিপদাশংকা বেছি বুলি উল্লেখ কৰিছে।সামূহিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিমান যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ওপৰতো বিশ্ব স্বাস্থ্য সংস্থাই বিশেষ গুৰুত্ব দিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান অধানম ঘেব্ৰেয়েচাছে এক সংবাদমেলত কয় যে ২৯ খন দেশত এহেজাৰৰো অধিক লোক মাংকি পক্সত আক্ৰান্ত হৈছে যদিও কোনো দেশৰ পৰা এতিয়ালৈকে মৃত্যুৰ খবৰ পোৱা হোৱা নাই।

মাংকি পক্স নামৰ এই ৰোগ সৃষ্টিকাৰী ভাইৰাছবিধ কেতবোৰ বিশেষ প্ৰাণী যেনে নিগনি আদিৰ দ্বাৰা বিয়পিব পাৰে বুলি সন্দেহ কৰা হৈছিল৷ ১৯৫৮ চনত বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে এই ৰোগটো চিনাক্ত কৰিছিল৷ সেই সময়ত বান্দৰৰ ক্ষেত্ৰত “পক্স সদৃশ” ৰোগ ধৰা পৰিছিল৷আনহাতে মানৱ দেহৰ ক্ষেত্ৰত এই ৰোগ ধৰা পৰিছিল ১৯৭০ চনত। প্ৰথমবাৰৰ বাবে কঙ্গোৰ এটি ৯ বছৰীয়া শিশুৰ দেহত এই ৰোগ ধৰা পৰিছিল।উল্লেখ্য যে মাংকি পক্সত আক্ৰান্ত ৰোগীয়ে জ্বৰ, শৰীৰৰ বিষ, ঠাণ্ডা লগা আৰু ভাগৰ অনুভৱ কৰা আদি লক্ষণত ভোগে। ৰোগ অধিক গুৰুতৰ হ’লে আক্ৰান্ত লোকৰ মুখ আৰু হাতত চোকোৰা বান্ধে আৰু ঘা হ’ব পাৰে৷ সেই ঘা শৰীৰৰ আন অংশলৈ বিয়পি পৰিব পাৰে।

Leave A Reply