Breaking

জামুগুৰিহাটত চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান : পুণৰ শ্ৰীশ্ৰী নৰোৱা থানত চোৰৰ লুটপাত

0 1,237

জামুগুৰিহাট, ২১ ডিচেম্বৰ: জামুগুৰিহাটত এইবাৰ যেন চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান৷চাৰিদিন পূৰ্ৱে কুসুমটোলাৰ পদ্মপুৰ নামঘৰত চোৰৰ দল প্ৰৱেশ কৰি দানপাত্ৰৰ ধনকে ধৰি অন্যান্য সা-সামগ্ৰী লুটপাত কৰি নিয়াৰ পিছত পুণৰ কালি নিশা চোৰে লুটপাত চলালে কুসুমটোলাৰ নিকটৱৰ্তী ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা থানত ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা প্ৰায় ৩ কি:মি: দূৰত্বত পথৰ কাষতেই অৱস্থিত থানখনৰ পাঁচটাকৈ তলা ভাঙি চোৰ প্ৰৱেশ কৰি সোণ আৰু ৰূপৰ কেবাপাহো ফুল, প্ৰায় ১০/১২ টা পিতলৰ গঁচা, দানপাত্ৰ ভাঙি প্ৰায় ৫ হাজাৰ টকাকে ধৰি বহু সামগ্ৰী চুৰি কৰি নিয়াৰ লগতে ৰাজ্য চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ অধিনত থানখনত চলি থকা কামৰ বাবে মজুত কৰি আচবাবসমুহৰ লগতে থানখনৰ ভিতৰত থকা গডৰেজৰ লকাৰ ভাঙি চন্দ্ৰতাপ, গামোছাকে ধৰি সকলো সামগ্ৰী লণ্ডভণ্ড কৰি সিঁচৰিত কৰি থৈ যায় চোৰৰ দলে ৷ পুৱাৰ ভাগতহে ঐতিহ্যমণ্ডিত থানভাগত চোৰ সোমোৱাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি জামুগুৰি আৰক্ষীক  অৱগত কৰে আৰু থান পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে জামুগুৰিহাটৰ লগতে নিকটৱৰ্তী অঞ্চলসমুহত বৰ্তমান নৈশ পহৰাৰ ব্যৱস্থা নথকাৰ লগতে আৰক্ষীৰো শিথিলতাৰ সুযোগ লৈ বিগত কিছুদিন ধৰি অঞ্চলটিত চোৰৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে ধৰ্মীয় অনুষ্ঠানসমুহকো শেহতীয়াকৈ চোৰৰ দলে টাৰ্গেট কৰি লোৱাত চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল ৷

Leave A Reply