Breaking

বহিঃৰাজ্যত থকা লোকলৈ ধন প্ৰেৰণ : পৰিয়ালৰ মাজত আৰ্থিক সংকট

0 84

টিংখাং

সমগ্ৰ দেশত ক’ৰোনা ভাইৰাছৰ বাবে অব্যাহত থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ দেওবাৰে অন্ত পৰে।ক’ৰোনা ভাইৰাছৰ বাবে বহিঃৰাজ্যত থকা অসমৰ হাজাৰ হাজাৰ লোক কৰ্মহীন হৈ পৰিছে। কৰ্মহীন হৈ পৰা বাবে বহিঃৰাজ্যত থকা লোকসকল তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। অসম চৰকাৰে বহিঃৰাজ্যত কাম কৰি থকা লোকসকলক দুহাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে। অৱশ্যে বহু লোকে চৰকাৰে আগবঢ়োৱা আৰ্থিক সাহায্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। আৰ্থিকভাৱে সাহায্যৰ পৰা বঞ্চিত হোৱা লোকসকলৰ মাজত আৰ্থিক সংকটে অধিক পৰিমাণে বৃদ্ধি পোৱাৰ ফলত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। বিশেষকৈ দক্ষিণ ভাৰতত কৰ্মৰত অসমৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰীকে ধৰি ঘৰ ভাড়া আদিৰ বাবে তীব্ৰ আৰ্থিক অনাটন হৈছে। আনহাতে বহিঃৰাজ্যলৈ গৈ বিভিন্ন উদ্যোগ কল কাৰখানাত কাম কৰা লোকসকলৰ পৰিয়ালৰ মাজত আৰ্থিক সংকটে দেখা দিছে। বহিঃৰাজ্যত কাম কৰি থকা লোকসকলে নিয়মীয়াকৈ পৰিয়াললৈ প্ৰেৰণ কৰা ধন সম্প্ৰতি বন্ধ হৈ পৰাৰ বাবে বিভিন্ন ধৰণৰ সমস্যা সন্মুখীন হ’ব লগা হৈছে। ইপিনে বহিঃৰাজ্যত কৰ্মহীন হৈ পৰা একাংশ লোক বিভিন্ন প্ৰকাৰে নিজৰ ঘৰলৈ আহিছে। অৱশ্যে বৃহৎ সংখ্যক লোক নিজৰ ঘৰখনলৈ আহিব নোৱাৰাৰ বাবে আত্মীয় তথা পৰিয়ালৰ লোকে ধন প্ৰেৰণ কৰিব লগা হৈছে। আনহাতে বহুলোকে বহিঃৰাজ্যত পুনৰ কামত নিয়োজিত হৈ কাম কাজ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দক্ষিণ ভাৰতৰ কেবাখনো ৰাজ্যত থকা ঔষধ প্ৰতিষ্ঠানৰ লগতে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত পুনৰ নিয়মীয়াভাৱে কাম কাজ আৰম্ভ হৈছে। বিশেষকৈ ঔষধ প্ৰতিষ্ঠানত নিয়োজিত লোকসকলে গ্ল’ভজ, মাস্ক, ছেনিটাইজাৰ আদি প্ৰস্তুুত কৰি আহিছে। দৈনিক মজুৰিৰ লগতে অধিক সময় নিয়োজিত লোকসকলে অতিৰিক্ত মজুৰি লাভ কৰা বুলি জানিব পৰা গৈছে। 

Leave A Reply