Breaking

এম এ চিৰ কেবিনেটত কেবাটাও দপ্তৰৰ সাল-সলনিঃ নতুন কাৰ্যবাহী সদস্যৰ নিযুক্তিঃ

0 1,233

মিচিং স্বায়ত্তশাসিত পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য  পৰমানন্দ ছায়েঙ্গীয়াৰ নেতৃত্বত আৰু  মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষতাত আজি পৰিষদৰ কাৰ্যালয়ত এখনি কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ উক্ত কেবিনেটত মাজুলীৰ ৩২ নং ৰাদাং- ৰৃক্কং পৰিষদীয় সমষ্টিৰ  সাধাৰণ সদস্য  উমা পাঠৰীক  কাৰ্যবাহী সদস্য হিচাপে নতুনকৈ অন্তৰ্ভুক্ত কৰা হয় ৷  নতুন কাৰ্যবাসী সদস্য পাঠৰিক পৰিষদৰ  মীন আৰু  হাট-ঘাটৰ কাৰ্যবাহী সদস্যৰ   দায়িত্ব দিয়া হয় ৷ আজি কাৰ্যবাহী সদস্য পাঠৰিক পৰিষদৰ কাৰ্যালয়ত শপত বাক্য পাঠ কৰায় ৷ ইপিনে আজি পৰিষদৰ কেবাটাও বিভাগৰ  দপ্তৰৰ  সাল-সলনি কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,  ভূমি আৰু  ৰাজহ  বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য  পুৰুষোত্তম দলেৰ  কুটিৰ শিল্প বিভাগটো পৰিষদৰ  জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙক, মুখ্য  কাৰ্যবাহী সদস্য  পৰমানন্দ ছায়েঙ্গীয়াৰ   দায়িত্বত থকা   হাট-ঘাটৰ বিভাগটো নতুনকৈ কেবিনেটত অন্তৰ্ভুক্ত হোৱা কাৰ্যবাহী সদস্য উমা পাঠৰীক, সামাজিক বনানিকৰণ বিভাগটো ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীক আৰু পৰিবহণ বিভাগটো কৃষি আৰু মীন বিভাগৰ দায়িত্বত থকা দেৱৰঞ্জন মৰাঙক অৰ্পণ কৰে  ৷ পৰিষদৰ বিশেষ কৰ্মৰত বিষয়া ডাঃ অনিল কুমাৰ পেগুৱে জনোৱা মতে কেবিনেটৰ উল্লেখিত সিদ্ধান্তবোৰৰ উপৰিও পৰিষদৰ দ্বাৰা ৰূপায়িত আঁচনিৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হৈ পৰিষদৰ দ্বাৰা ৰূপায়িত সকলো  আঁচনি সমূহ দ্ৰুত কৰিবলৈ সকলোকে আহ্বান জনায় ৷

Leave A Reply