Breaking

চুটিছবি ‘Unreal’লৈ সন্মান ! নগাঁৱৰ উদীয়মান অভিনেত্ৰী, লেখিকা অভিলেখ শৰ্মাক বেঙ্গালুৰুত তৃতীয় শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান…

0 36

নগাঁৱৰ উদীয়মান অভিনেত্ৰী, লেখিকা অভিলেখ শৰ্মা পুনৰবাৰ এটি ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনস্থ NATIONAL INSTITUTE OF MENTAL HEALTH & NEURO SCIENCES নামৰ সংস্থাটোৱে ২০২৩ চনত ‘World Mental Health Day 2023’ৰ সৈতে সংগতি ৰাখি আয়োজন কৰা চুটি ছবি প্ৰতিযোগিতাত ‘Unreal’ নামৰ ছবিখনে তৃতীয় শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হোৱাত যোৱা ২০ ফেব্ৰুৱাৰীত বেঙ্গালুৰুত এই বঁটা প্ৰদান কৰে।

উল্লেখ্য যে অভিলেখ শৰ্মাই আন দুগৰাকী সহযোগী পৰিচালকৰ সহযোগত পৰিচালনা কৰিছিল ‘Unreal’ নামৰ এই চুটি ছবিখন। ইতিমধ্যে প্ৰদৰ্শিত হোৱা এই ছবিখন প্ৰযোজনাৰ উপৰি অভিনয়ো কৰিছে অভিলেখে। ইয়াৰ পূৰ্বেও গুৱাহাটীৰ আই আই টি-য়ে আয়োজন কৰা চুটি ছবিৰ প্ৰতিযোগিতাত অভিলেখ শৰ্মাই তৃতীয় শ্ৰেষ্ঠ স্থান দখল কৰি নৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী ছবি নিৰ্মাতা হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

ইফালে, প্ৰতিভাবান যুৱ কবি-লেখিকাগৰাকীৰ বহু লেখা ৰাজ্যিক-ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকত-আলোচনীত প্ৰকাশ হোৱাৰ উপৰি ‘Day Dreamer’ নামৰ এখনি প্ৰবন্ধ সংকলন আৰু ‘What’s in a Poem’ নামৰ এখনি কাব্যগ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে। নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক “কলংপাৰ” কাকতৰ পৰিচালন সঞ্চালক, বিশিষ্ট সমাজকৰ্মী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা তথা প্ৰয়াত শিল্পী-লেখিকা অনিমা বৰুৱা শৰ্মাৰ একমাত্ৰ সুযোগ্যা কন্যা অভিলেখ শৰ্মাই তেওঁৰ জীৱনৰ প্ৰথমখন চুটিছবিয়ে এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানীত হোৱাত স্বাভাৱিকতে নগাঁওবাসী আনন্দিত হৈ পৰিছে।

Leave A Reply