Breaking

মিচিং স্বায়ত্তশাসিত পৰিষদলৈ চকু মেলিছে অৱসৰপ্ৰাপ্ত শিক্ষক-সংগ্ৰামী নেতা খগেন মিলিয়ে, প্ৰতিদন্দিতা কৰিব গোগামুখ পৰিষদীয় সমষ্টিত…

0 99

মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন লৈ প্ৰায় ডেৰ বছৰ বাকী যদিও পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ বিভিন্ন ব্যক্তি, ৰাজনৈতিক দলে এতিয়াৰ পৰাই পৰিকল্পনা যুগুত কৰিছে ৷ পৰিষদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা সন্মানীয় পৰিষদীয় সমষ্টি হিচাপে পৰিগণিত গোগামুখ পৰিষদীয় সমষ্টিৰ পৰা কোনটো দলৰ পৰা কোনে প্ৰাৰ্থিত্ব লাভ কৰিব তাৰ কোনো নিশ্চয়তা নাই যদিও সন্মিলিত গণশক্তি অসম দলত প্ৰাৰ্থিত্বক লৈ তীব্ৰ টনা-আজোঁৰা সৃষ্টি হোৱাটো নিশ্চিত ৷

এইবাৰ গোগামুখ পৰিষদীয় সমষ্টিৰ পৰা সংগ্ৰামী নেতা তথা অৱসৰপ্ৰাপ্ত শিক্ষক খগেন মিলিয়ে প্ৰতিদন্দিতা কৰিবলৈ চকু মেলিছে ৷ তেওঁ সন্মিলিত গণশক্তি অসম দলৰ পৰা প্ৰাৰ্থিত্ব বিছৰাটো নিশ্চিত ৷ খগেন মিলি হৈছে এগৰাকী নিকা ভাৱমূৰ্ত্তি সম্পন্ন, সমাজ হিতৈষী লোক ৷ ১৯৬০ চনত ধেমাজি জিলাৰ গোগামুখৰ এদূত খুৰাচুক গাঁৱত তেওঁৰ জন্ম হৈছিল ৷ ১৯৮৪ চনত তেওঁ মিংমাং কমলা মিৰি এম ই স্কুলত শিক্ষকতা জীৱন আৰম্ভ কৰে ৷ ১৯৮৪ চনত তেওঁ অবিভক্ত গোগামুখ আঞ্চলিক টি এম পি কেৰ সভাপতি হিচাপে মনোনীত হৈ দীৰ্ঘদিনে সুচাৰুৰূপে সংগঠনত কাৰ্যনিৰ্বাহ কৰিছিল ৷

গোগামুখ বাংকে আগম কৗবাঙৰো তেওঁ সাধাৰণ সম্পাদকৰ দ্বায়িত্ব লৈ সুন্দৰভাৱে চলাইছিল ৷ ১৯৯৩ চনত তেওঁ মিচিং মিমাগ কৗবাং বা মিচিং সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ প্ৰতিস্থাপক সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ সংগঠনটোক শৃংখলাবদ্ধভাৱে আগুৱাই নিছিল আৰু সফল হৈছিল ৷ ১৯৯৫ চনত লখিমপুৰ জিলাৰ বিলমুখত অনুষ্ঠিত হোৱা মিচিং বাঃনৗ কৗবাঙৰ বিৰুদ্ধে আন্দোলন আৰু মিচিং সকলক ভূৱা স্বাযত্তশাসন দিয়াৰ চৰকাৰী ষড়যন্ত্ৰ ওপৰাবলৈ তেওঁ মিচিং জাতীয় সংগঠন সমূহৰ লগতে জাতীয় নেতৃত্ববৃন্দৰ লগত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছিল ৷ চৰকাৰে উক্ত আন্দোলনত জৰিত বচা বচা বহু মিচিং নেতাৰ বিৰুদ্ধে গোচৰ তৰিছিল আৰু এই গোচৰৰ আওঁটিত খগেন মিলিয়েও সোমাই পৰিছিল ৷

দীৰ্ঘদিনে ধেমাজি জিলা আদালতত গোচৰ চলাৰ পিচত তেওঁক আদালতে দোষমুক্ত ঘোষণা কৰিছিল ৷ আন্দোলন আৰু শিক্ষকতাৰ বৃত্তি একেলগে চলাই নিয়াটো ইমান সহজ কাম নহয় ৷ কিন্তু খগেন মিলিয়ে দুয়োটাকে সফলৰূপে পালন কৰিছিল ৷ দীৰ্ঘদিনীয়া শিক্ষকতা চাকৰি কালৰ অন্তত ২০২০ চনত তেওঁ গোগামুখ তুলসীবাৰী আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ সম্প্ৰতি তেওঁ গোগামুখ কাৰপুনপুলিৰ নিবাসী আৰু কাৰপুনপুলি গাঁও পৰিচালনা সমিতিৰো তেওঁ সম্পাদকৰ দায়িত্বত আছে ৷ এনে এগৰাকী সফল ব্যক্তি মিচিং স্বায়ত্তশাসিত পৰিষদৰ গোগামুখ পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদন্দিতা কৰাটো গোগামুখৰ সাধাৰণ ভোটাৰ ৰাইজে৷অন্তঃকৰণেেৰে কামনা কৰিছে ৷

Leave A Reply