Breaking

নাগালেণ্ডৰ পৰা পদব্ৰজে ফৰকাটিং, বৰপথাৰলৈ উভতিল ৪৫ জন শ্ৰমিক

0 115

নাজিৰা 
অসমৰ সীমান্তৰ নাগালেণ্ডৰ কয়লাখনিত দুমাহ ধৰি মহা সংকটত দিন-ৰাতি অনাহাৰ-অনিদ্ৰাৰে অতিবাহিত কৰা ৪৫ জন শ্ৰমিক যোৱা নিশা পদব্ৰজে নাগালেণ্ডৰ চেতাপবস্তি আৰু কংনঙৰ পৰা নাজিৰা সীমান্তৰ মাজেৰে গোলাঘাট জিলাৰ সৰুপথাৰ- বৰপথাৰ আৰু ফৰকাটিঙলৈ পথাৰ, হাবিতলীয়া আৰু পাহাৰীয়া লুঙলুঙীয়া পথেৰে যাত্ৰা আৰম্ভ কৰিছে। নাগালেণ্ডৰ কয়লাখনিত ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা এইসকল শ্ৰমিকে লকডাউনৰ পৰিস্থিতিৰ বাবে দুমাহ নাগালেণ্ডৰ কয়লাখনিৰ অস্থায়ী শিবিৰত আবদ্ধ হৈ আছিল৷ শ্ৰমিকসকলক ঠিকাদাৰসকলেও খাদ্য সামগ্ৰী যোগান ধৰাৰ পৰিৱৰ্তে খা-খবৰো লোৱা নাই৷ শ্ৰমিকসকলে লকডাউন খোলাৰ পাছত ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু পুনৰ লকডাউন ১৭ মে’ লৈ বৃদ্ধি পোৱাত শ্ৰমিকসকলৰ মূৰত স্বৰগ ভাগি পৰাত কিংকৰ্তব্যবিমূঢ় হৈ অৱশেষত পদব্ৰজেই নাগালেণ্ডৰ পৰা যোৱা ৰাতি গোলাঘাট, সৰুপথাৰ, বৰপথাৰ, ফৰকাটিঙৰ গৃহলৈ বুলি যাত্ৰা কৰিছে৷ গোলাঘাটৰ বাবু সিং, নৰেন্দ্ৰ কুমাৰ, লখৌ কুমাৰ সেন, জোন মূড়া, ৰমেন পাইক, সৰুপথাৰৰ লিখন ভূঞা, পানিকা তাতী, সূৰয তাতী, লগন ভূঞা, ৰামেশ্বৰ মূড়া, প্ৰৱীণ গগৈ, কমল গগৈ, সুৰেশ ওৰাং, হনুমান ভূঞা, জয়নাথ চিক, গুঞ্জন চিক, চণ্ডিকা মল্ল, বাপুটী সেন। ফৰকাটিঙৰ গোপাল মিশ্ৰ, বাহাদুৰ থাপা, মদন শৰ্মা, খগেন মিশ্ৰ, ভীম দাস, পোনা কৈৱৰ্ত, দুলেশ্বৰ হাজৰিকা, ৰুদ্ৰ দাসকে ধৰি ৪৫ জন শ্ৰমিকে যোৱা ৰাতি নাগালেণ্ডৰ পুৰণা নামচাং চেতাপ বস্তিৰ পৰা নাজিৰাৰ সীমান্তৰে লাদৈগড় হৈ হাবিতলীয়া বক্ৰ পথেৰে গৃহ অভিমুখে যাত্ৰা কৰিছে।

Leave A Reply