Breaking

ৰাজহ চক্রৰ কার্যালয় ঘেৰাও প্রতিবাদী ৰাইজৰ

0 1,036

গুৱাহাটী মহানগৰীৰ জাবৰেৰে চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত বুধবাৰে পানীখাইতী চ’কত ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চ, চন্দ্রপুৰৰ উদ্যোগত ৰাজহুৱা ধর্ণা কার্যসূচীৰে অসমৰ মুখ্যমন্ত্রীলৈ এখন স্মাৰক–পত্র প্রদান কৰা হয়৷ প্রতিবাদকাৰীসকলে পানীখাইতী বিহু মঞ্চৰ পৰা এক প্রতিবাদী সমদল উলিয়াই চন্দ্রপুৰ ৰাজহ চক্রৰ কার্যালয়লৈ যোৱাৰ সময়ত ‘অসম চৰকাৰ হায় হায়, জি এম চি হায় হায়, ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰক, চন্দ্রপুৰলৈ জাবৰ অনা বন্ধ কৰক’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

প্রতিবাদকাৰীসকলক্ উদ্দেশ্যি প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি বিষ্ণুৰাম বডোৱে কয় যে চন্দ্রপুৰবাসী ৰাইজে কোনো কাৰণত চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপন কৰিবলৈ নিদিয়ে, সেয়েহে আজি ৰাইজে স্বতঃস্ফূর্তভাৱে প্রতিবাদস্থলীলৈ ওলাই আহিছে আৰু ইয়াৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷

ইপিনে আন এক চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি নিতুল কলিতা আৰু সাধাৰণ সম্পাদক সৌৰভ দাসে কয় যে গুৱাহাটী পৌৰ নিগমে অতিশীঘ্রে চন্দ্রপুৰলৈ জাবৰ অনা বন্ধ কৰিব লাগে৷ স্থানীয় বিধায়কগৰাকীৰ ভূমিকাক লৈ তীব্র ক্ষোভ কৰে নেতৃত্বদ্বয়ে৷ আজিৰ এই কার্যসূচীত প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ প্রতিনিধি, সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ প্রতিনিধি, গুৱাহাটী জিলা ড্রাইবেল সংঘৰ প্রতিনিধি, চন্দ্রপুৰ উন্নয়ন খণ্ডৰ প্রতিনিধি, গুৱাহাটী জিলা কর্মচাৰী পৰিষদৰ প্রতিনিধি, প্রাগজ্যোতিষপুৰ নাগৰিক সমিতিৰ প্রতিনিধি, প্রাগজ্যোতিষপুৰ জনজাতীয় মহিলা কল্যাণ সমিতিৰ প্রতিনিধি, গ্রীন বাৰি’ৰ ফাউণ্ডেচনৰ প্রতিনিধিৰ লগতে চন্দ্রপুৰ অঞ্চলৰ দুই সহস্রাধিক লোকে অংশগ্রহণ কৰে৷

Leave A Reply